চেলছিলৈ যাব ৰণাল্ডো!

Cristiano Ronaldo

সকলোৰে প্ৰিয় ফুটবলৰ তাৰকা ৰণাল্ডোক মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলা আৰু দেখিবলৈ নাপাব! ইংলেণ্ডৰ সংবাদ মাধ্যমে জানিব দিয়া মতে অতি শীঘ্ৰেই ৰণাল্ডোৰ আগমণ ঘটিব চেলছিলৈ! চুক্তি থকা সত্ত্বেও ছিজনৰ আৰম্ভণিতে অ'ল্ড ট্ৰেফ'ৰ্ড এৰি যোৱাৰ বাবে আগ্ৰহ দেখুৱাইছিল চি আৰ ছেভেনে। শেষ মুহূৰ্তত বাধ্য হৈ  মেন ইউতে থাকি যায় তেওঁ। কিন্তু টটেনহামৰ বিৰূদ্ধে ইংলিছ প্ৰিমিয়াৰ লীগৰ মেচখনৰ পৰা পৰিস্থিতিৰ আৰু অৱনতি ঘটে। মেনেজাৰ এৰিক টেন হেগে ৰ'ণাল্ডোক বাদ দিয়েই প্ৰথম একাদশ গঢ়িছিল। ক্ষোভত নিৰ্ধাৰিত সময়ৰ খেল চলি থাকোতেই খেল পথাৰ এৰি গৈছিল ৰ'ণাল্ডো। মেনেজাৰ গৰাকীয়ে সেই সময়তে জনাই দিছিল যে চেলছিৰ বিৰুদ্ধে ৰ'নাল্ডোক দ'লত ৰখা ন'হব। ৰ'নাল্ডোৰ আচৰণক তেখতৰ অনুৰীগী সকলেও সমালোচনা কৰিছল। অৱশ্যে পিছত সামাজিক মাধ্যমত নিজৰ ভুল স্বীকাৰ কৰছিল ৰ'ণাল্ডোৱে। এতিয়া তেওঁ মানচেষ্টাৰ ইউনাইটেড এৰি চেলছিলৈ যোৱাৰ সম্ভাৱনা উজ্বল হৈ পৰিছে। ইতিমধ্যে ক্লাবটোৰ মালিক পক্ষৰ সৈতে ৰ'ণাল্ডোৰ মেনেজাৰৰ বাৰ্তালাপ হোৱাৰ কথাও পোহৰলৈ আহিছে!

Category
Profile picture for user UB Photos