সাৱধান! আপুনিও পৰিব পাৰে চাইবাৰ অপৰাধীৰ জালত...

Cyber Crime

সাৱধান! আপুনিও পৰিব পাৰে চাইবাৰ অপৰাধীৰ জালত। ফেচবুক বা অন্যান্য একাউণ্ট হেক কৰি আপোনাকো ব্লেকমেইলিং কৰি কৰিব পাৰে সৰ্বশ্ৰান্ত।

 

অসমত বৰ্তমানেও সক্ৰিয় হৈ আছে এক বৃহৎ চাইবাৰ অপৰাধীৰ চক্ৰ। এই অপৰাধী চক্রই দৈনিক অসংখ্য লোকক বিভিন্ন প্রলোভন তথা ব্লেকমেইলিং কৰি লুন্ঠন চলাই আহিছে। চাইবাৰ অপৰাধীৰ কবলৰ পৰা সাৰি নগ’ল সংবাদকৰ্মীও। এইবাৰ চাইবাৰ অপৰাধীৰ কবলত পৰিল চিলাপথাৰৰ শম্ভু দাস নামৰ এগৰাকী সংবাদকৰ্মী। এটা ব্য়ক্তিগত নিউজ চেনেলৰ চিলাপথাৰৰ সংবাদকৰ্মী ৰূপে কৰ্মৰত শম্ভূ দাস।

 

কিছুদিন পূর্বে ফেচবুকত শম্ভু দাসলৈ গৰ্বিতা আগৰৱালা নামৰ এটা একাউন্টৰ পৰা Friend Request আহিছিল। সংবাদকৰ্মীজনে নভবা নিচিন্তাকৈয়ে ৰিকুৱেষ্টটোত সন্মতি জনাইছিল। তাৰপিছতে পুনৰ ফেচবুক একাউন্টৰ যোগেদি তেওঁৰ হোৱাটছআপ নম্বৰ বিচৰাত শম্ভূ দাসয়েও দি দিয়ে নম্বৰ। তাৰ পিছতে তেওঁৰ মোবাইলত এটা অচিনাকি নম্বৰৰ পৰা ভিডিঅ’ কল আহে। কিন্তু কথাপতাৰ সলনি এটা অশ্লীল ভিডিঅ’ প্ৰদৰ্শন কৰে আৰু স্ক্ৰীন ৰেকৰ্ডিং কৰি সাংবাদিক জনৰ ভিডিঅ’ ফেচবুকত আপলোড কৰে। আৰু সাংবাদিক জনৰ পৰা তৎক্ষণাত ৫,১০০ টকা দাবী কৰাৰ লগতে ভাবুকি দিয়ে ভিডিঅ’টো ভাইৰেল কৰি দিয়াৰ। উপায়ন্তৰ হৈ সংবাদকৰ্মীজন চিলাপথাৰ আৰক্ষীৰ কাষ চাপি এজাহাৰ দাখিল কৰে ভুক্তভোগী শম্ভূ দাসে।

Category
Profile picture for user UB Photos