নাৰকীয় হত্য়াকাণ্ড: হাত-ভৰি বান্ধি জিভা কাটি হত্য়া কৰিলে এগৰাকী মহিলাক

Murder

নগাওঁ চহৰৰ হয়বৰগাঁৱৰ ঘুটলাই পট্টিত ঘৰৰ ভিতৰতে হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। ডকাইতৰ দলে হাত ভৰি বান্ধি পেলাই থৈ যোৱা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। উদ্ধাৰ হোৱা মহিলাগৰাকীৰ নাম আয়েছা ছিদ্দিকা। মঙলবাৰে ৰাতিপুৱা ঘুটলাই পট্টিৰ পৰা উদ্বাৰ হোৱা ৫২ বছৰীয়া আয়েছা ছিদ্দিকাৰ মৃত্যক লৈ সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে।

 

উল্লেখ্য যে, মহিলাগৰাকীক হত্যা কৰি ডকাইতৰ দলটোৱে ধন-সোণ লুটি নিয়াৰ সন্দেহ কৰিছে স্হানীয় লোকে। ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী উপস্থিতহৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, হত্যাকাৰীয়ে জিভা কাটি পেলাইছিল আয়েছা ছিদ্দিকাৰ। আনহাতে মৃত মহিলা গৰাকীৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু কনডমৰ পেকেট।

 

আৰক্ষীৰ মতে এয়া ডকাইতি নহয়। ঘৰত অসামাজিক কাৰ্যকলাপ চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে আয়েছা ছিদ্দিকৰ মৃতদেহ।

Category
Profile picture for user UB Photos