বিলাসীপাৰাৰ বেলতলীত ভু- মাফিয়াৰ গুণ্ডাগিৰী! ঘৰ দুৱাৰ ভাঙি অবৈধভাবে বেদখল কৰাৰ অপচেষ্টা

bilasipara protest

বিলাসীপাৰা চহৰৰ ৯ নম্বৰ ৱাৰ্ড উপৰটাৰী বেলতলীত ভু- মাফিয়াৰ গুণ্ডাগিৰী। চৰাঞ্চলৰ পৰা অহা সন্দেহজনক ৩০/৪০ জনীয়া ভু-মাফিয়াৰ দল এটাই খিলঞ্জীয়া লোকৰ।

ঘৰ দুৱাৰ ভাঙি দি অবৈধ ভাবে বে দখল কৰাৰ অপচেষ্টা চলায়। এই কাৰ্যত বাধা দিবলৈ যাওঁতে ভু মাফিয়াৰ দলটোই 
আক্ৰমণ চলায় খিলঞ্জীয়া লোকৰ ওপৰত। 

এই আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় ৱাৰ্ডটোৰ বাসিন্দা ছপুলুদ্দিন হক। হকক প্ৰথমে বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও তেওঁৰ শাৰিৰীক অৱস্থা অতি সংকটজনক হোৱাত বঙাইগাঁও লৈ প্ৰেৰণ কৰে। সম্প্ৰতি বঙাইগাঁৱস্থিত ল'ৱাৰ আছাম চিকিৎসালয়ৰ আই চি ইউত মৃত্যুৰ সৈতে যুঁজি আছে লোক জন। ইয়াৰ পিছতো গা- লৰা বিলাসীপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ দাসৰ। 

অভিযোগ অনুসৰি ভু-মাফিয়াৰ সৈতে গোপন মিতিৰালি কৰা আৰক্ষী বিষয়া জনে ভু মাফিয়া সকলক সহায় হে কৰি আহিছে।

যাৰ বাবে জাঙুৰ খাই উঠিছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চই।পূৰ্ববংগীও মূলৰ দুষ্কৃতিকাৰীয়ে খিলঞ্জীয়াৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ বাবে প্ৰতিবাদ মুখৰ হৈ পৰে সংগঠন দুটাৰ লগতে স্থানীয় শ শ পুৰুষ মহিলাই।

ইয়াৰ ফলত বিলাসীপাৰা থানাৰ অ'চি মুৰ্দাবাদ, অ'চি সঞ্জীৱ দাসক নিলম্বন কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে। ইয়াৰ পিছতো থানা খনৰ অ'চি এই ক্ষেত্ৰত দোষীক কৰায়ত্ব নকৰিলে সংগঠন দুটাই ৰাইজৰ সহযোগত গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।
 

Category
Profile picture for user UB Photos