ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত শিক্ষা বিভাগৰ ওপৰত লোৱা হ'ল এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

assam cabinet meeting

বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত শিক্ষা বিভাগৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সিদ্ধান্তসমূহ সংবাদ মাধ্যমযোগে ৰাজহুৱা কৰে।

শিক্ষা বিভাগত লোৱা সিদ্ধান্তসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল-  

১) তৃতীয় শ্ৰেনীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় অধ্যয়ন কৰিব লাগিব ইংৰাজী মাধ্যমত 

২) স্বাধীনতাৰ পিছৰ পৰা অসমত সৃষ্টি হোৱা IS অফিচাৰ সংখ্যা অসমৰ জনসংখ্যাৰ মাত্ৰ ২৫ শতাংশহে 

৩) বিজ্ঞান আৰু গণিত ইংৰাজীত পঢ়িলেও পাঠ্যপুথিত প্ৰতিটো শব্দ বেকেটত লিখা থাকিব অসমীয়া বা মাতৃভাষাত

৪) এতিয়াৰ পৰা মেট্ৰিকত থাকিব ৬ খনকৈ পেপাৰ 

৫) এতিয়াৰ পৰা ল'ৰা আৰু ছোৱালীৰ বাবে সুকীয়া স্কুল নাথাকে। সকলোৱে একেলগে পঢ়িব। দুই এখন ঐতিহাসিক স্কুলে ইয়াৰ পৰা ৰেহাই পাব। কিন্তু বিগত ২০/২৫ বছৰত গঠন হোৱা স্কুল সমূহ একেলগ হ'ব

৬) গুৱাহাটীত ল'ৰাৰ স্কুলৰ সংখ্যা বেছি কাৰণে ছোৱালীবোৰ বহুত দূৰৰ পৰা আহিব লাগে 

৭) প্ৰতিখন জিলাত পৰীক্ষণমূলক ভাৱে দহখন স্কুল মাতৃভাষা আৰু ইংৰাজী মাধ্যমৰ পাঠদানৰ বাবে নিৰ্বাচিত কৰা হ'ব। ইয়াৰ ফলত চৰকাৰী বিদ্যালয়ত বৃদ্ধি পাব ছাত্ৰ-ছাত্ৰী।

Category
Profile picture for user UB Photos