হাস্পতালত মৃত্যুৰে যুঁজিছে মইনা নায়কে!

Moina nayak

হাস্পতালত মৃত্যুৰে যুঁজিছে মইনা নায়কে। ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়ক কলঘৰৰ চিটিচি মেচিনৰ তলত ঝাড়ু মাৰি থাকোতে চাহপাত শুকোৱা মেচিনত সোমাই গৈছিল।

গুৰুতৰভাৱে আহত মইনাক লগে লগে AMCHলৈ নিয়া হৈছিল যদিও চিকিৎসক নথকাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।

সম্প্ৰতি হাস্পতালৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজি আছে মইনা নায়ক। ইফালে, মইনা নায়কক বাগিচা কৰ্তৃপক্ষ আৰু চৰকাৰ প্ৰশাসনে অৱহেলা কৰাৰ অভিযোগ উঠিছে। মইনা নায়কৰ ন্যায়ৰ দাবীত এতিয়া সৰৱ হৈ উঠিছে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী।

জানিব পৰা মতে লাওখোলা এৰা যোৱাৰ ফলত গুৰুতৰভাৱে আহত মইনা নায়কক এখন সাধাৰণ এম্বুলেঞ্চেৰে জিএমচিএইচলৈ অনা কাৰ্যকো সহজভাৱে ল’ব পৰা নাই বহুতে।

এতিয়া প্ৰশ্ন উন্থাপন হৈছে ক’ত গ’ল চাহ বাগিচাৰ নেতা-মন্ত্ৰীসকল? কিয় মইনা নায়কে চিকিৎসাৰ ক্ষেত্ৰত যিধৰণৰ গুৰুত্ব পাব লাগিছিল সেই গুৰুত্ব লাভ কৰা নাই ?

Category
Profile picture for user UB Photos