আজি গুৱাহাটীত উপস্থিত হ'ব এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু!

Draupadi Murmu

ৰাষ্ট্ৰপতি পদৰ বাবে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু আজি নিশা ৮.৩০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’বহি। 

বিমানবন্দৰত এন ডি এৰ প্ৰাৰ্থীগৰাকীক  আদৰণি জনাব ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই।

অহা দুদিনৰ ভিতৰত, দ্ৰৌপদী মুৰ্মু ১৮ জুলাইৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী সমৰ্থন সংগ্ৰহ কৰিবলৈ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত উপস্থিত থাকিব।

বৰ্তমান আগৰতলাত থকা মুৰ্মু সন্ধিয়া প্ৰায় ৬ বজাত ইম্ফলত উপস্থিত হ'ব। আৰু সন্ধিয়া ৮ বজাৰ ভিতৰত গুৱাহাটীলৈ উৰা মাৰিব আৰু হোটেল ৰেডিচন ব্লুত ৰাতিটো কটাব।

বুধবাৰে ৰাতিপুৱা মুৰ্মু ইটানগৰ অভিমুখে যাব।

তাৰ পৰা, তেওঁ মেঘালয়ৰ শ্বিলঙলৈ যাব। 

৭ জুলাইত মুৰ্মুয়ে গুৱাহাটীত প্ৰচাৰ চলাব আৰু বিজেপি চৰকাৰক সমৰ্থন কৰা ৰাজনৈতিক দলসমূহৰ বিধায়কসকলৰ সৈতে ১৮ জুলাইত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিব।

Category
Profile picture for user UB Photos