পুনৰ অশান্ত তিনিচুকীয়া, আকৌ ৰাঙলী হ’ব নেকি তিনিচুকীয়াৰ কাকপথাৰ?

Tinsukia

তিনিচুকীয়াৰ দ কাকপথৰাত আলফা (স্বাঃ)ৰ সৈতে সেনা-আৰক্ষীৰ গুলীয়াগুলী। গুলীবিদ্ধ আলফা (স্বাঃ)ৰ ৪ কেডাৰ। তিনিচুকীয়াত শুকুৰবাৰে দিনৰ ভাগত সেনা-উগ্ৰপন্থীৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী। আলফা (স্বাঃ)ৰ ৬জনীয়া দলৰ সৈতে সংঘৰ্ষ লিপ্ত হয় সেনা জোৱান। তিনিচুকীয়াৰ ভোলা চাংমাইৰ ঘৰত আত্মগোপন কৰি আছিল আলফা(স্বাঃ)ৰ ৬জনীয়া দলটো।

গোপন সূত্ৰৰ পম খেদি সেনাৰ দলে আজি অভিযান চলায় ভোলা চাংমাইৰ বাসগৃহত। সেই সময়তে উগ্ৰপন্থীৰ দলটোৱে আৰক্ষীৰ অভিযানকাৰী দললৈ নিক্ষেপ কৰে গ্ৰেনেড। তাৰপাছতেই প্ৰচণ্ড গুলীয়াগুলীৰ শব্দত কঁপি উঠে দ কাকপথাৰ। গুলীয়াগুলীৰ ফলত আলফা(স্বাঃ)ৰ তিনিজন কেডাৰ আহত হোৱাৰ লগতে মৃত্যুক সাবটি লয় এজন কেডাৰে। গুলীবিদ্ধ আলফা (স্বাঃ) ৰ ৪ কেডাৰ হৈছে ক্ৰমে ৰূপম অসম, উদয় অসম, ৰিংকু অসম আৰু মৃগাংক অসম।

অৱশ্যে, এতিয়ালৈকে চিনাক্ত হোৱা নিহত কেডাৰজন। ঘটনাস্থলীত দুটা বেগ এৰি থৈ গৈছে আলফা(স্বাঃ)ৰ দলটোৱে। বৰ্তমান সমগ্ৰ অঞ্চলটো ঘেৰি ৰাখিছে সেনা-আৰক্ষীয়ে। ঘটনাস্থলীলৈ ৰাওনা জিলা SP দেৱজিত দেউৰীৰ।

Category
Profile picture for user UB Photos