আজাদিকা অমৃত মহোৎসৱ: ৭৫০০ কিলোগ্ৰাম গাঞ্জা ধ্বংস কৰিবলৈ সাজু হৈছে মোদীবাহিনী

ganja destroy

ভাৰতীয় স্বাধীনতাৰ ৭৫ তম বৰ্ষ উপলক্ষে বিত্ত মন্ত্ৰালয়ৰ "আজাদিকা অমৃত মহোৎসৱ" উদযাপনৰ আইকনিক সপ্তাহৰ অংশ হিচাপে বুধবাৰে জব্দ কৰা প্ৰায় ৭৫০০ কিলো গাঞ্জা ধ্বংস কৰিবলৈ সাজু হৈছে গুৱাহাটী শুল্ক বিভাগ।  

কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদে বুধবাৰে 'ড্ৰাগ ধ্বংস দিৱস' অনুষ্ঠিত কৰিব য'ত গুৱাহাটীকে ধৰি সমগ্ৰ দেশৰ ১৪ টা স্থানত প্ৰায় ৪২,০০০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হ'ব।

ইয়াত থকা শুল্ক বিভাগ অনুসৰি, চহৰখনৰ কালাপাহাৰ অঞ্চলৰ চাওকুচিত কমেও ৭৪৭২.৩৮৬ কিলোগ্ৰাম গাঞ্জা ধ্বংস কৰা হ'ব।

আনহাতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই ধ্বংস প্ৰক্ৰিয়াৰ সাক্ষী হ'ব।

Category
Profile picture for user UB Photos