মাত্ৰ ৩০ টকাতে পাব ৩০ লিটাৰকৈ পেট্ৰ'ল! পিছে ক'ত পাব চাওঁক...

lotary

চৌদিশে মূল্যবৃদ্ধি। মূল্যবৃদ্ধি উপলক্ষে এখন বিশেষ লটাৰী। আপুনিও হ'ব পাৰে সেই ভাগ্যৱানজন।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপ কৰা কৰ কিছু হ্ৰাস কৰিছে যদিও এতিয়া ৯০ৰ ঘৰতে আছে প্ৰতিলিটাৰ পেট্ৰ'ল-ডিজেলৰ দাম। ঠায়ে ঠায়ে এতিয়াও প্ৰতিলিটাৰ পেট্ৰলৰ দাম ১০০ টকাৰ ওপৰত।

তেনে সময়তে এইবাৰ মূল্যবৃদ্ধিক উপলক্ষ কৰি ৰাজ্যত আয়োজন কৰা হৈছে অভিনৱ লটাৰী খেল। মাত্ৰ ৩০ টকাতে উপলব্ধ ৩০ লিটাৰ পেট্ৰ'ল। সেইদৰে ৩০ টকাত উপলব্ধ হৈছে ২০ লিটাৰ ডিজেল।

উল্লেখ্য় যে, বঙাইগাওঁ জিলাৰ বৰপথাৰ গাঁৱৰ কেইজনমান যুৱকে আয়োজন কৰিছে এখন বিশেষ লটাৰী খেল। খেলখনৰ পুৰষ্কাৰে এতিয়া সামাজিক মাধ্য়মত লাভ কৰিছে ব্যাপক চৰ্চা।

lotary

Category
Profile picture for user UB Photos