ব্ৰহ্মপুত্ৰৰ নতুন শৰাইঘাট দলংত অঘটন! ঋণ পৰিশোধ কৰিব নোৱাৰি বাচি ললে আত্মহত্যাৰ পথ

suicide

মহানগৰীৰ জালুকবাৰী নুতন শৰাইঘাট দলংত অঘটন। ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই এজন ব্য়ক্তিয়ে বাচি ললে আত্মহত্যাৰ পথ।

উল্লেখ্য় যে, AS01 DS 9533 নংৰ alto বাহনখন দলংৰ মাজত ৰখুৱাই ৰূপ নগৰৰ নয়ন জ্য়োতি তালুকদাৰ নামৰ যুৱকজনে পানীত জঁপিয়াই নিজৰ জীৱন শেষ কৰি দিয়ে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ইতিমধ্যে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে নয়নৰ পৰিয়ালৰ লোকে।

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যুৱক জনে ব্ৰহ্মপুত্ৰত জাপ দিয়া বুলি। যাৰবাবে আৰক্ষীৰ এটা দলে চলাই আছে অনুসন্ধান।

যুৱক জনৰ পৰা আৰক্ষী alto গাড়ী খনৰ লগতে এটা মোবাইল ফোন, এটা মানি বেগ আৰু driving licence উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

পৰিয়ালৰ লোকে সংবাদ মাধ্যম যোগে গোহাৰি জনাইছে যে যদি কোনো সদাসয় ব্যক্তিয়ে কোনো ধৰণৰ তথ্য পাই তেন্তে সোনকালেই আৰক্ষীৰ লগতে পৰিয়ালৰ লোকক জনাই।

Category
Profile picture for user UB Photos