জোনাই মহকুমাত ট্ৰাকসহ জব্দ বিশটা চোৰাং গৰু, চাৰিজনক আটক

Police Station

চিমেনচাপৰি আৰক্ষীয়ে গৰু সৰবৰাহৰ সন্দেহত আটক কৰিছে চাৰিজন লোকক।

জোনাই মহকুমাৰ চিমেনচাপৰি থানা অন্তৰ্গত টেলাম যামজিঙত আজি চিমেনচাপৰি আৰক্ষীয়ে জব্দ কৰিছে  এক ট্ৰাক চোৰাং গৰু।

জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ পৰা ৰুকচিন চেকগেট, জোনাই হৈ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰে AS01C C8694 নম্বৰৰ ট্ৰাকত প্ৰায় ২০টা গৰু মেঘালয় তথা  বাংলাদেশলৈ সৰবৰাহ কৰা পথত চিমেনচাপৰি থানাৰ আৰক্ষীয়ে তালাচী চলাই  জব্দ কৰে ২০টা গৰু I  

তদুপৰি ট্ৰাকৰ সৈতে চাৰিজনৰ লোকক গৰু সৰবৰাহৰ সন্দেহত আটক কৰে আৰক্ষীয়ে। চোৰাং গৰু সৰবৰাহৰ সন্দেহত আটক কৰা লোক কেইজন ক্ৰমে নগাঁওৰ মকচেদুল আলম মেঘালয়ৰ ডাউনি মৰিগাঁওৰ জিতু বড়ো, ৰবীন বৰদলৈ।

গৰু চোৰাং ব্যৱসায় মূল নায়ক কোন হয় বৰ্তমান চিনাক্ত কৰিব পৰা নাই যদিও  7099864250 ফোন নম্বৰৰ গৰাকীয়ে ইতিমধ্যে পাছিঘাট ৰুকচিন আৰু জোনাইৰ সীমান্তৱৰ্তী চেকপোষ্ট আৰক্ষীক চকুৰ সন্মূখত গৰু সৰবৰাহৰ চেষ্টা চলাওঁতে চিমেনচাপৰিৰ  আৰক্ষীৰ দলে ট্ৰাকৰ সৈতে গৰুকেইটাক জব্দ কৰে ।

এনেদৰে অৰুণাচল তথা জোনাইৰ পৰা ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথ হয় নিতৌ বাংলাদেশলৈ সৰবৰাহ হয় চোৰাং গৰু।
 

Category
Profile picture for user UB Photos