৭৬ লাখ হৰলুকি সংক্ৰান্তত বেংক অৱ বৰোদাৰ দিছপুৰ শাখাত আৰক্ষীৰ অভিযান!

Bank Of Baroda

বেংক অৱ বৰোদাৰ দিছপুৰ শাখাত আৰক্ষীৰ অভিযান। দিছপুৰ মহাবিদ্যালয়ৰ ৭৬ লাখ হৰলুকি সংক্ৰান্তত অভিযান।

ভুৱা মেইলৰ ভিত্তিত বেংক কৰ্তৃপক্ষই মোকলাই দিছিল ৭৬ লাখ টকা। মহাবিদ্যালয়ৰ এই বৃহৎ ধন দিছিল পশ্চিম বংগৰ এটা NGOক।

জানিব পৰা মতে ২০ এপ্ৰিলত মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এটা মেইল গৈছিল বেংকৰ পৰা । মেইলটোত বেংক কৰ্তৃপক্ষই টকা Transfer কৰিবলৈ অনুমতি বিচাৰিছিল অধ্যক্ষৰ।

মহাবিদ্যালয়ৰ অধ্যক্ষই সেই মেইলৰ কোনো উত্তৰ দিয়া নাছিল বেংক কৰ্তৃপক্ষক। কিন্তু ইয়াৰ বিপৰীতে বেংকে হেনো এটা মেইল লাভ কৰিছিল অধ্যক্ষৰ পৰা। আৰু সেই মেইলৰ ভিত্তিতে বেংকে মোকলাই দিয়ে ৭৬ লাখ টকা।

এই বৃহৎ জালিয়াতি সন্দৰ্ভত বেংক অৱ বৰোদাত অভিযান আৰক্ষীৰ। বেংক কৰ্তৃপক্ষক জেৰা দিছপুৰ অৰক্ষীৰ।

Category
Profile picture for user UB Photos