খানাপাৰাত ন্যায় প্ৰাপ্তিৰ দাবীত ক্ষোভৰ বহিঃপ্ৰকাশ মধ্যাহ্ন ভোজন কৰ্মীৰ!

Guwahati protest

মাহিলি পাৰিশ্ৰমিক বৃদ্ধিৰ দাবীত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ খানাপাৰাত ৷

মাহিলি ৯ হাজাৰ ৬ শ টকা পৰ্যন্ত দৰমহা প্ৰদানৰ দাবী তুলিছে মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে ৷ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ অভিযোগ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰা বিজেপি এতিয়া এইক্ষেত্ৰত নিমাত ৷ আনকি নিৰ্বাচনৰ সময়ত ৫০০ টকাকৈ বৃদ্ধি কৰা ধন শেহতীয়াকৈ প্ৰদান কৰা নাই কৰ্মচাৰীক ৷

protest

বিজেপি চৰকাৰৰ বিৰুদ্ধে শেহতীয়াকৈ প্ৰতিবাদ কৰাৰ কাৰণ এয়াই বুলি জানিবলৈ দিয়ে মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে। উল্লেখ্য এদিন পূৰ্বে টেট উত্তীৰ্ণ শিক্ষক-কৰ্মচাৰীয়ে প্ৰতিবাদ কৰিছিল সৰ্বশিক্ষাৰ কাহিলিপাৰাস্থিত কাৰ্যালয়ৰ সন্মুখত ৷ ইয়াৰ এদিন পিছতে দ্বিতীয় দিনা মধ্যাহ্ন ভোজন কৰ্মীয়ে প্ৰতিবাদ কৰে ৷

মধ্যাহ্ন ভোজন কৰ্মচাৰীয়েও সৰ্বশিক্ষা অভিযান সঞ্চালকৰ কাৰ্যালয়লৈ আহি প্ৰতিবাদ কৰাৰ লক্ষ্য লৈছিল যদিও খানাপাৰাতে শ শ প্ৰতিবাদকাৰীক আবদ্ধ কৰে আৰক্ষীয়ে ৷  প্ৰতিবাদকাৰীসকলে কয় যে ১ হাজাৰ টকাৰে কিদৰে ভোৰণ পোষণ দিব পৰিয়ালৰ ৷ জনতাক দুৰ্ভোগত ৰাখি মন্ত্ৰী আমোলাই ৰাজসুখত দিন কটোৱাৰ অভিযোগ তুলি কয় যে মধ্যাহ্ন ভোজন কৰ্মী হোৱা হেতুকে চৰকাৰে অৰুণোদয় আঁচনিৰ পৰাও তেওঁলোকক বাহিৰত ৰাখিছে ৷

protest

প্ৰায় ৩ ঘণ্টা ধৰি সাব্যস্ত কৰা প্ৰতিবাদৰ ফলস্বৰূপে প্ৰতিবাদস্থলীত উপস্থিত হয়  শিক্ষা অভিযানৰ মিছন সঞ্চালক ৷ বিভাগীয় মন্ত্ৰীৰ সৈতে আলোচনা কৰি অচিৰেই সমগ্ৰ সমাধান কৰাৰ আশ্বাস দিয়ে প্ৰতিবাদকাৰীক ৷ প্ৰতিবাদকাৰীৰ দাবী অহা ২৪ ঘণ্টাত আলোচনা ইতিবাচক নহ'লে পুনৰ আন্দোলন কৰা হ'ব।

Category
Profile picture for user UB Photos