মুছলপুৰত প্ৰলোভনেৰে নাবালিকা ধৰ্ষণ কৰি চি আৰ পি এফ জোৱান ৰঙাঘৰত

cheater

প্ৰথমে ফেচবুক প্ৰেম ৷ তাৰ পিচত শাৰীৰিক সম্পৰ্ক ৷ আৰু অৱশেষত ৰঙাঘৰৰ আলহী ৷

এনে এক ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ আঠিয়াবাৰীত ৷ ঘটনা অনুসৰি বাক্সা জিলাৰ চমুৱা গাটিৰ কংকন দাস নামৰ এজন চি আৰ পি এফ জোৱানে ফেচবুকৰ জৰিয়তে চিনাকী হৈছিল আঠিয়াবাৰীৰ এগৰাকী কিশোৰীৰ লগত ৷ এই চিনাকীয়ে পিচলৈ প্ৰেমত পৰিণত হৈছিল ৷

কিন্তু কিশোৰী গৰাকীয়ে যুৱক জন সম্পৰ্কে ভালকৈ নজনাকৈয়ে প্ৰেমত সন্মতি দিয়াৰ লগতে শাৰীৰিক সম্পৰ্কতো লিপ্ত হয় ৷ পিচত যেতিয়া পৰিয়ালৰ লোকে কথাটো  যুৱকজন সম্পৰ্কে খৱৰ লয় তেতিয়াহে গম পায় যে যুৱক জন দুই সন্তানৰ পিতৃ ৷ লগে লগে পৰিয়ালৰ লোকে আঠিয়াবাৰী আৰক্ষী চকীত লম্পট যুৱক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷

আজি এই এজাহাৰৰ ভিত্তিত যুৱকজনক আৰক্ষীয়ে আটক কৰি নাবালিকা যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷

Category
Profile picture for user UB Photos