বৰপেটাত অধিবক্তা হত্যাত জড়িতৰ সন্দেহত দুই অভিযুক্তক গ্ৰেপ্তাৰ!

culprit

অধিবক্তা ৰিণিমা বেগমৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত দুই অভিযুক্তক সোধপোচৰ বাবে আটক কৰিছে বৰপেটা আৰক্ষীয়ে ৷

অধিবক্তা যুৱতীগৰাকীক হত্যাৰ সন্দেহত যোৱা নিশা বৰপেটা আৰক্ষীয়ে ডাঃ মকদম আলী আৰু আব্দুৰ ৰহমান ওৰফে জুম্মা নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰিছে ৷

উল্লেখ্য যে, ডাঃ মকদম আলী বৰপেটা মেডিকেল কলেজ হস্পিটালত কৰ্মৰত এগৰাকী চিকিৎসক ৷
ডাঃ মকদম আলী নামৰ চিকিৎসক গৰাকীয়ে অধিবক্তা ৰিণিমা বেগমৰ পৰা এটুকুৰা ভূমি ক্ৰয়ক লৈ দুয়োৰে মাজত চলা এক বিবাদ আদালতত  বিচাৰাধীন হৈ আছে ৷

উক্ত ভূমি সম্পৰ্কীয় বিবাদৰ বাবেই যুৱতী অধিবক্তাগৰাকীক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷
ইপিনে আটকাধীন আব্দুৰ ৰহমান ওৰফে জুম্মা নামৰ লোকজনৰ এজন ভাতৃক হত্যাৰ অভিযোগত অভিযুক্ত আছিল অধিবক্তা ৰিনিমা বেগম ৷

আটকাধীন জুম্মাৰ ভাতৃ তুম্মাক হত্যাৰ অভিযোগত ৰিনিমা বেগমে তিনিমাহ জেলত থকাৰ লগতে বৰ্তমানেও আদালতত উক্ত হত্যাৰ গোচৰটো বিচাৰাধীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ 

উল্লেখ্য যে মঙলবাৰে সন্ধিয়া বৰপেটাৰ বিলৰটাৰী হাটীত মটৰ চাইকেলত অহা তিনিজনীয়া দূৰ্বৃত্তৰ দল এটাই দেগাৰেৰে পেটত হানি হত্যা কৰিছিল অধিবক্তা ৰিনিমা বেগমক ৷

তিনিজনীয়া দলটোৰ এজনে মটৰ চাইকেলখন ষ্টাৰ্ট বন্ধ নকৰাকৈ মটৰ চাইকেলতে বহি আছিল ৷ আনহাতে আন দুই দূৰ্বৃত্তই মটৰ চাইকেলৰ পৰা নামি আহি নিজৰ বেলেনো বাহনত বহিবলৈ লোৱা অৱস্থাতে গাড়ীৰ দৰ্জা খুলি যুৱতী অধিবক্তাগৰাকীক দেগাৰেৰে হানি হত্যা কৰে ৷ অধিবক্তাগৰাকীয়ে নিজৰ জ্যেষ্ঠ ভগ্নীক বিলৰটাৰী হাটীৰ ডাঃ বিনয় কুমাৰ দাসক দেখুৱাই চিকিৎসকগৰাকীৰ ঘৰৰ সন্মুখত ৰখাই থোৱা বেলেনো বাহনখনত উঠিবলৈ লোৱাৰ সময়তে  হত্যাকাণ্ডটো সংঘটিত কৰি দূৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে ৷

ইপিনে হত্যাকাণ্ডৰ সৈতে তিনিজন দূৰ্বৃত্ত জৰিত থকা বুলি আজি আৰক্ষীৰ আগত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ৷
 

Category
Profile picture for user UB Photos