পুনৰ ফুটবলৰ বাবে মুকলি নেহৰু ষ্টেডিয়াম! ক'ভিডৰ পিছত ষ্টেডিয়ামখনত এইয়া প্ৰথমখন ফুটবল মেচ

football

ক'ভিডৰ আতংকৰ পিছত নেহৰু ষ্টেডিয়ামত প্ৰথমখন ফুটবল মেচ। ব্ৰহ্মপুত্ৰ ব্ৰেভাৰ্চ বনাম ৰাইন' ৱাৰিৱৰ্ছৰ মাজত অনুষ্ঠিত হয় এই প্ৰীতি খেল।

অসম ফুটবল সন্থা, অসম অলিম্পিক সন্থা, গুৱাহাটী টাউন ক্লাৱ, গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ‍্যোগত হব এই মেচ ।

football

উল্লেখ্য় যে, স্পষ্ট হ'ল অসম ফুটবলৰ বিভাজন, দুটা ফৈডত বিভক্ত অসম ফুটবল। ১৩ মাৰ্চত আনটো ফৈডৰ আন এখন মেচ ।

দেওবাৰে ফ্লাড লাইটৰ তলত অনুষ্ঠিত হ'ব দ্বিতীয়টো ফৈদৰ মেচখন। বিভাজন অস্বীকাৰ কৰিলেও স্পষ্ট হৈছে সকলো।

সংবাদমেল যোগে দ্বিতীয় খন মেচৰ ঘোষণা সদৌ অসম ফুটবল খেলুৱৈ কল‍্যান সন্থাৰ। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব মেচখনত ।

football cm

আনহাতে আজিৰ নেহৰু ষ্টেডিয়ামৰ মেচ খনত উপস্থিত থাকে খুদ মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

Category