বৰপেটাত অব্যাহত আছে বাংলাদেশী নাগৰিকসহ ৫ আল-কায়দা জেহাদী গ্ৰেপ্তাৰৰ ঘটনাৰ তদন্ত!

Jehadi

বাংলাদেশী আল-কায়দা জেহাদী মহম্মদ সুমনৰ লগতে ৫ জেহাদীক গ্ৰেপ্তাৰৰ পিচত হাউলীৰ পৰা পুনৰ আন এগৰাকী লোকক সোধপোচৰ বাবে আটক ৷

বৰপেটা আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰা লোকজন হাউলী চহৰৰ হাজীপাৰা গাৱৰ মামিনুল ৰচিদ ৷

উল্লেখ্য় যে মামিনুল ৰচিদ বৰপেটাৰ হাউলীৰ যশিহাটী পাৰা গাৱত অৱস্থিত শ্বাইখুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষ ৷

বৰপেটাৰ হাউলীৰ যশিহাটী পাৰা গাৱত অৱস্থিত শ্বাইখুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনত ২০১৯ চনৰ পৰা শিক্ষকতাৰ জৰিয়তে জেহাদৰ জাল পেলোৱাৰ কামত জৰিত আছিল বাংলাদেশী নাগৰিক মহম্মদ সুমন নামৰ আল-কায়দা জেহাদীটো ৷

মামিনুল ৰচিদ নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষগৰাকীক যোৱা নিশা আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে আৰক্ষীয়ে৷

আৰক্ষী সূত্ৰই জনোৱা মতে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই মামিনুল ৰচিদক ৷

ইপিনে মামিনুল ৰচিদ নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষগৰাকীক আজি দুপৰীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে বৰপেটা মেডিকেললৈ নিয়া হৈছে ৷
 

Category
Profile picture for user UB Photos