উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই! ঘৰে ঘৰে গৈ কৰিব কেম্পেইন

himanta biswa sarma

আজি উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে ডেৰাদুনত ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ লগতে ৰুদ্ৰপুৰত অংশগ্ৰহণ কৰিব এক জনসভাত।

প্ৰথমবাৰলৈ উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ ভাৰতত চলাব নিৰ্বাচনী প্ৰচাৰ। পুৱা ৯ বজাত উত্তৰাখণ্ডলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আনহাতে, এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকী নিশা ১২.৩০ বজাত উপস্থিত হ’ব গুৱাহাটীত।

Category
Profile picture for user UB Photos