এচিএছ বিষয়া নন্দিতা কোঁৱৰক চাকৰিৰ পৰা বৰ্খাস্ত

Nandita Konwar

এচিএছ বিষয়া নন্দিতা কোঁৱৰক বৰ্খাস্ত। উৎকোচ কাণ্ডত দোষী সাব্যস্ত হোৱাৰ পিছত ৰাজ্য চৰকাৰে বৰ্খাস্ত কৰে বিষয়াগৰাকীক।

২০১৭ চনত MPLADSৰ কামৰ নামত উৎকোচ বিচাৰি হাতে-লোটে ধৰা পৰিছিল নন্দিতা কোঁৱৰ। সেই সময়ত জিলা গ্ৰাম্য উন্নয়ন কামৰূপ (মেট্ৰ')ৰ প্ৰকল্প সঞ্চালক আছিল নন্দিতা কোঁৱৰ। বিহাৰ আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল প্ৰয়াত দেবানন্দ কোঁৱৰৰ কন্যা নন্দিতা কোঁৱৰ।

২০১৭ চনৰ ১৬ মাৰ্চত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল নন্দিতা কোঁৱৰ। নন্দিতা কোঁৱৰে মহানগৰীৰ দুৰ্গা সৰোবৰ অঞ্চলত সংসদ পুঁজিৰ অধীনত এটা পথ নিৰ্মাণৰ কামৰ বাবে এজন ঠিকাদাৰৰ পৰা ২০,০০০টকা উৎকোচ লৈছিল। উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছিল এচিএছ বিষয়াগৰাকী।

বিশেষ ন্যায়াধীশৰ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল। বিষয়াগৰাকীক দুৰ্নীতি নিবাৰণ আইন (পিচি) ১৯৮৮ৰ ধাৰা ৭,১৩((১) ৯ডি) আৰু ১৩(২)ৰ অধীনত গ্ৰেপ্তাৰ কৰি বিশেষ আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

Category
Profile picture for user UB Photos