ৰাজ্যত ক্ৰমান্বয়ে বাঢ়িছে কোৰোণাৰ সংক্ৰমণ, কাইলৈ ওলাব নতুন SOP

Himanta Biswa Sarma

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে কোৰোণাৰ সংক্ৰমণ।

বিগত কেইদিন ধৰি ক'ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা গুৱাহাটীৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো বৃদ্ধি পাইছে। সেয়েহে এতিয়া নতুন SOP প্ৰকাশ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ।

আজি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কাইলৈ ওলাব নতুন SOP। আজি স্বাস্থ্য বিভাগৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰীয়ে।

‘‘বিহু ৰাইজে ঘৰত পাতিব, কিন্তু বজাৰ কৰিব যাওঁতে সাৱধান হ’ব লাগিব। সকলো শ্ৰেণীৰ ৰাইজৰ অসুবিধা নোহোৱাকৈ নতুন SOP ওলাব। কিন্তু লকডাউন নহয়, হয়তো সকলোৱে মাস্ক পৰিধান কৰিব লাগিব।’’ – প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ।

উল্লেখ্য় যে ৰাজ্যত বিগত দুটা দিনত বাঢ়িছে ভয়ংকৰভাৱে বৃদ্ধি হৈছে ক'ৰোনাৰ সংক্ৰমণ। বিশেষকৈ গুৱাহাটী মহানগৰীত বুধবাৰৰ দিনটোত প্ৰায় আঢ়ৈশ লোক আক্ৰান্ত হৈছে ক'ৰোনা ভাইৰাছত। আৰু সেইসময়তে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল যোগে কয় যে, ক'ৰোনাৰ বাঢ়ি অহা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক মাঘ বিহু উদযাপন কৰিব পৰা হ'বনে নহয় সেয়া সময়ত সিদ্ধান্ত ল'ব চৰকাৰে।

Category
Profile picture for user UB Photos