অসম আৰক্ষীৰ লগত হোৱা মুখামুখি সংঘৰ্ষত আহত তিনিজন ড্ৰাগ সৰবৰাহকাৰী

Encounter

যোৰহাট আৰু লখিমপুৰত হোৱা দুটা পৃথক সংঘৰ্ষত তিনিজন ড্ৰাগছ সৰবৰাহকাৰী আহত হয়, আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ সময়তে সৃষ্টি হয় এই সংঘৰ্ষৰ।

সূত্ৰঅনুসৰি, শুকুৰবাৰে বান্দৰডেৱা আৰক্ষীয়ে আটক কৰে তিনি ড্ৰাগছ সৰবৰাহকাৰীক। 

আৰক্ষীক ড্ৰাগছৰ গুহা দেখুৱাম বুলি কোৱাত আৰক্ষীয়ে তেওঁলোকক লৈ যায় আৰু তেনেতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে তিনি সৰবৰাহকাৰী। যাৰফলত আৰক্ষীয়ে গুলীচালনা কৰিব লগা পৰিস্থিতি হয়।

আহত অভিযুক্তজন নগাঁৱৰ আজিজুৰ ৰহমান আৰু লখিমপুৰৰ বিহপুৰীয়াৰ চাহিফুল আলী বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য় যে, বৰ্তমান তেওঁলোক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে।

আনহাতে, ড্ৰাগছ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকা 'পচা' নামৰ আন এজন অভিযুক্তক যোৰহাট আৰক্ষীয়ে গুলীচালনা কৰে।

যোৰহাটৰ পৰা পানীচুকুৱালৈ পলাই যাবলৈ চেষ্টা কৰোতেই অভিযুক্তজনক আৰক্ষীয়ে গুলীয়াৱলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। তেওঁ সম্পৰ্কিত আছিল, সূত্ৰই জনায়।

Category