শিলচৰত দ্ৰুতবেগী ট্ৰাকে খুন্দিয়ালে বাইক আৰোহীক, থিতাতে নিহত আৰোহীজন

Accident

কাছাৰ জিলাৰ শিলচৰত সংঘটিত হ'ল পথ দুৰ্ঘটনা। ঘটনাস্থলীত থিতাতে নিহত হ'ল এজন লোক।

এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই এখন বাইকত খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়। যাৰ ফলত বাইক আৰোহীজন ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।

মৃত ব্যক্তিজন দিব্য়জ্যোতি নাথ বুলি চিনাক্ত কৰা হৈছে। তেওঁ শিলচৰৰ সতীন্দ্ৰ মোহন দেৱ অসামৰিক চিকিৎসালয়ৰ পৰীক্ষাগাৰৰ টেকনিচিয়ান হিচাপে কৰ্মৰত আছিল।

Category
Profile picture for user UB Photos