নগাঁৱৰ বৰঘাটত 'ধাবা'ৰ ছদ্মবেশত চলি থকা যৌন ৰেকেট উদ্ধাৰ; ৯জনক গ্ৰেপ্তাৰ

Sex Racket

এক গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে সোমবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰঘাটৰ ওচৰত পথৰ কাষৰ 'ধাবা'ত অভিযান চলাই ৰেকেট চলাই থকাৰ অভিযোগত চাৰিগৰাকী মহিলাসহ ৯জন লোকক গ্ৰেপ্তাৰ কৰে।

নগাঁও আৰক্ষীৰ এটা দলে নিশাৰ ভাগত 'জুইহাল' নামৰ 'ধাবা'ত অভিযান চলাই অপৰাধীসকলক গ্ৰেপ্তাৰ কৰে।

লগতে টুইটাৰযোগে নগাঁও আৰক্ষীয়ে কয়, "আন এটা যৌন ৰেকেট উদ্ঘাটন কৰা হৈছে। জুইহাল নামৰ পথৰ কাষৰ ধাবাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ৰ বৰঘাটৰ ওচৰত, ৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে।"

 

উল্লেখ্য় যে, আৰক্ষীৰ পৰৱৰ্তী অনুসন্ধান চলি আছে।

Category
Profile picture for user UB Photos