অনিমেষ ভূঞাৰ শোকসন্তপ্ত পৰিয়াললৈ মুখ্যমন্ত্ৰী শৰ্মাৰ ৫ লাখ টকাৰ বিত্তীয় সমৰ্থন ঘোষণা 

Himanta Biswa Sarma

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে যোৰহাট চহৰৰ মাজ মজিয়াতে একাংশ উন্মাদ আৰু জীঘাংসু লোকে মৰিয়াই মৰিয়াই হত্যা কৰা অনিমেষ ভূঞাৰ শোকসন্তপ্ত পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

তেওঁ ৰাজ্যিক আৰক্ষীক এমাহৰ ভিতৰত অভিযোগপত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকো গোচৰটোৰ তদন্ত ব্যক্তিগতভাৱে তদাৰক কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ পূৰ্বে আজি তেওঁৰ নিৰ্দেশৰ অধীনত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে গোলাঘাট জিলাৰ দেৰগাঁৱৰ খোকান্দগুৰিত অনিমেষৰ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰে।

ভুক্তভোগীয়ে যাতে সোনকালে ন্যায় লাভ কৰে তাৰবাবে মুখ্যমন্ত্ৰীয়ে প্ৰশাসনক গোচৰটো ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰিবলৈ নিৰ্দেশ দিছে। 

ইফালে, আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে যাৰ ভিতৰত আছে মুখ্য অভিযুক্ত নীৰজ দাস উৰফে ক'লা ল'ৰা।

আন অভিযুক্ত ব্যক্তি সকল বিতোপন দাস, বিক্ৰম দাস, সুভাষ বৰা, অভিনাশ বৰা, মোহন দাস, দেৱ দাস আৰু সৰু ল'ৰা দাস বুলি চিনাক্ত কৰা হৈছে।

ঘটনাটো সংঘটিত হোৱা যোৰহাট জিলা দণ্ডাধীশৰ দ্বাৰা দণ্ডাধীশ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। 

এই বৰ্বৰ ঘটনাটো যোৰহাট চহৰৰ মাজমজীয়া নিৰ্মল চাৰিআলি অঞ্চলৰ ওচৰৰ এখন ট্ৰাক ষ্টেণ্ডত সংঘটিত হৈছিল। এজন বৃদ্ধ ব্যক্তি তেওঁৰ স্কুটিৰ পৰা পৰি যোৱাৰ পিছত আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে ঘটনাটো সংঘটিত হয়। 

Category
Profile picture for user UB Photos