Kola Lora

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে যোৰহাট চহৰৰ মাজ মজিয়াতে একাংশ উন্মাদ আৰু জীঘাংসু লোকে মৰিয়াই মৰিয়াই হত্যা কৰা অনিমেষ ভূঞাৰ শোকসন্তপ্ত পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

তেওঁ ৰাজ্যিক আৰক্ষীক এমাহৰ ভিতৰত অভিযোগপত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকো গোচৰটোৰ তদন্ত ব্যক্তিগতভাৱে তদাৰক কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ পূৰ্বে আজি তেওঁৰ নিৰ্দেশৰ অধীনত ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰানোজ পেগুৱে গোলাঘাট জিলাৰ দেৰগাঁৱৰ খোকান্দগুৰিত অনিমেষৰ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰে।