প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে যোগান মন্ত্ৰীক ধমক দিয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত চাউলৰ হৰলুকি

Corruption

মুখ্যমন্ত্ৰীয়ে উপ নিৰ্বাচনত ঘোষণাৰ বিপৰীত ছবি জালুকবাৰী সমষ্টিত। মাহে প্ৰতি পাবলগীয়া খাদ্য সুৰক্ষা চাউলৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালসমুহ। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত খাদ্য সুৰক্ষা চাউল বিতৰণৰ নামত চলিছে ব্যাপক অনিময়।

উপ নিৰ্বাচনৰ প্ৰচাৰ সভাৰ সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঞ্চত একপ্ৰকাৰ যোগান মন্ত্ৰী ৰণজিৎ দাসক ধমক দি ঘোষণা কৰিছিল যে দুখীয়া লোকসকলৰ বাবে চৰকাৰীভাৱে বিতৰণ কৰা চাউল কোনো সমবায় সমিতিয়ে ১ কি:গ্ৰামো কমকৈ গ্ৰাহক যোগান ধৰিব নোৱাৰিব। যোগান বিভাগৰ লগতে সমবায় সমিতি আৰু চাউল বিতৰণ কৰা এজেঞ্চি সকলক কঠোৰ সকীয়নি দিছিল উপ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে।

কিন্তু মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি দিয়াৰ পিচতো মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে দেখা গৈছে এখন বিপৰীত ছবি। শুৱালকুছিৰ সমবায় সমিতি আৰু চৰকাৰী ৰেচন বিতৰন কৰা এজেঞ্চি সমূহে প্ৰতিমাহে চৰকাৰী ভাৱে প্ৰদান কৰা চাউল বিতৰন নকৰাৰ গুৰুতৰ অভিযোগ ভুক্তভোগীৰ হিতাধিকাৰীৰ। অভিযোগ অনুসৰি শুৱালকুছি অঞ্চলৰ বিতৰণৰ দায়িত্বত থকা এজেঞ্চি সমূহে প্ৰতিমাহে দুখীয়া লোক সকলক চাউল বিতৰণ কৰিব লাগে যদিও সেয়া নকৰি চাউল হৰলুকি কৰি আহিছে।

Category
Profile picture for user UB Photos