সুদীৰ্ঘ পাঁচ বছৰৰ অন্তত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰতবৰ্ষ।
টি-২০ বিশ্বকাপ খেলক লৈ উৎকণ্ঠিত ক্ৰীড়ানুৰাগী। দেওবাৰে, ২২ গজৰ যুঁজত নামিব ভাৰত-পাকিস্তান। সুদীৰ্ঘ ৫ বছৰৰ মূৰত ডুবাইত অনুষ্ঠিত হ'বলগীয়া ভাৰত-পাকিস্তানৰ খেলখনক লৈ উৎকণ্ঠাৰে বাট চাইছে ক্ৰিকেট অনুৰাগীয়ে।
হাইভল্টেজ মেচখন সন্ধিয়া ৭.৩০ বজাত ডুবাইত অনুষ্ঠিত হ’ব। টি-২০ বিশ্বকাপ জয়ৰ বাবে আত্মবিশ্বাসী ভাৰতীয় দল। আবু ধাবিত হ'বলগীয়া ৰোমাঞ্চকৰ খেলখনৰ বাবে আশাবাদী দেশবাসী।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে এদিনীয়া ক্ৰিকেট আৰু টি-২০ বিশ্বকাপ খেলত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভাৰত-পাকিস্তানে এতিয়ালৈকে এদিনীয়া বিশ্বকাপত সাতবাৰ আৰু টি-২০ বিশ্বকাপত পাঁচবাৰকৈ খেলিছে।
ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখনত ভাৰতীয় দলৰ কেপ্টেইন বিৰাট কোহলী আৰু টুৰ্ণামেন্টত পাকিস্তান দলৰ কেপ্টেইন হ'ল বাবৰ আজাম।
- Log in to post comments