
কেইবাদিনো ধৰি ৰাজ্যত উৎকট গৰমে মানুহৰ গতানুগতিক জীৱন ব্যহত কৰিছে। ৰ’দৰ তাপত দিনৰ ভাগত ঘৰৰ পৰা ওলাবলে ভাবিব লগীয়া হৈছে ৰাজ্যবাসীয়ে।
কিন্তু শেহতীয়াকৈ ৰাজ্যবাসীয়ে এই গৰমৰ পৰা কিছু সকাহ পাব।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে, আজি অৰ্থাৎ মঙলবাৰৰ পৰা গৰমৰ তীব্ৰতা হ্ৰাস পোৱাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰো সম্ভাৱনা আছে।
মঙলবাৰৰ পৰা অসমৰ অঞ্চল বিশেষে পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰ সম্ভাবনা আছে।
Category
- Log in to post comments