নিমাতী ফেৰী ট্ৰেজেডী: এজন সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Nimati Ferry Tragedy: Body of one missing person recovered

বুধবাৰে নিমাতীঘাটত সংঘটিত শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছত সন্ধানহীন হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ শনিবাৰে বিশ্বনাথ ঘাটত উদ্ধাৰ কৰা হৈছে।

মৃতদেহটো বন বিভাগৰ বিষয়াসকলে উদ্ধাৰ কৰিছে আৰু এটা মোনাৰ পৰা উদ্ধাৰ কৰা নথিপত্ৰৰ দ্বাৰা চিনাক্ত কৰা হৈছে।

উল্লেখ কৰিব পাৰি যে বুধবাৰে নিমাতিঘাটত ফেৰী দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা দুজন লোক সন্ধানহীন হৈ আছিল।

এছডিআৰএফ, এনডিআৰএফ আৰু আৰক্ষী বিভাগে সন্ধানহীন লোক দুজনৰ সন্ধান অভিযান অব্যাহত ৰাখিছে।

অৱশ্যে, শুকুৰবাৰে বিশ্বনাথ ঘাটত ইন্দ্ৰেশ্বৰ বৰাৰ এটা মোনা উদ্ধাৰ কৰা হৈছিল। 

Category
Profile picture for user UB Photos