Biswanath Ghat

অসমৰ শিপিনী সকলে সপোন ৰচা তাঁতশালত আজি দেখিবলৈ পোৱা গ’ল বিদেশী পৰ্যটকক। পৰ্যটনৰ মানচিত্ৰত সদাই সুকীয়া ঐতিহ্য বহন কৰি আহিছে মন্দিৰ নগৰী গুপ্তকাশী বিশ্বনাথ ঘাটে। ইয়াৰ লগতে দেশী-বিদেশী পৰ্যটকৰ সমাগম দেখিবলৈ পোৱা যায় সময়ে সময়ে। 

বিশেষকৈ ডিচেম্বৰ মাহৰ পৰা এপ্ৰিল-মাৰ্চ পৰ্যন্ত প্ৰায়ে বিদেশী পৰ্যটকে পৰিভ্ৰমণ কৰে বিশ্বনাথ ঘাটত আৰু অধ্যয়ন কৰে আহোম যুগৰ ইতিহাস বহন কৰি অহা মঠ-মন্দিৰ সমূহত। সমান্তৰালকৈ আজি বিশ্বনাথ ঘাটত জাহাজেৰে অহা দেখিবলৈ পোৱা গ’ল UKৰ পৰা অহা ৩৬ জনীয়া এটি পৰ্য্যটকৰ দল। য’ত আছিল ৬০ উৰ্ধৰ বয়জেষ্ঠ।