মানুহৰ ঘৰে-ঘৰে 'ভেকচিন মেন'

মানুহৰ ঘৰে-ঘৰে 'ভেকচিন মেন'

ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো আৰম্ভ হৈছে ক'ভিড-১৯ টিকাকৰণ অভিযান। ইতিমধ্যে বহুলোকে গ্ৰহণ কৰিছে ক'ভিড ভেকচিনৰ দুয়োটা পালি। ভেকচিন গ্ৰহণ কৰা সকলৰ বিপৰীতে সমাজৰ একাংশ লোকে 'Covaxin' লোৱাৰ পৰা এতিয়াও বিৰত আছে। কিন্তু এই লোকসকলক সচেতন কৰাৰ লগতে ভেকচিন লোৱাৰ প্ৰতি আগ্ৰহী কৰিবলৈ নিজাববীয়া প্ৰচেষ্টা চলাই আহিছে ধুবুৰীৰ এজন ব্যক্তিয়ে। 


  ধুবুৰীৰ দিপাংকৰ মজুমদাৰ নামৰ এজন ৩৬ বছৰীয়া ব্যক্তিয়ে ভেকচিন লোৱাৰ বাবে জনতাক সজাগ কৰাৰ প্ৰচেষ্টা চলাই আহিছে। দিপাংকৰ মজুমদাৰ পেছাত এজন চিকিৎসা প্ৰতিনিধি। দিপাংকৰে ধুবুৰীৰ বিভিন্ন অঞ্চলত মানুহৰ ঘৰে-ঘৰে গৈ তেওঁলোকক ভেকচিন ল'বৰ বাবে সজাগ কৰি তুলিছে। কেৱল এয়াই নহয়, তেখেতে মানুহৰ মাজত কোভিড ভেকচিনক কেন্দ্ৰ কৰি থকা অন্ধবিশ্বাস আঁতৰাবলৈও চেষ্টা চলাইছে। 


  ধুবুৰীক ক'ৰোনামুক্ত কৰিবৰ বাবেই দিপাংকৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। মানুহৰ মাজত 'ভেকচিন মেন' হিচাপে পৰিচিত দিপাংকৰ মজুমদাৰৰ এই পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে ভেকচিন ল'বলৈ ওলাই আহিছে ৮০ জন লোক। দিপাংকৰ মজুমদাৰৰ পদক্ষেপক ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে শলাগ লোৱাৰ লগতে অতি শীঘ্ৰেই তেখেতক প্ৰশাসনৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।
 

Category