আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে অমৃতপাল সিঙলৈ এদিনৰ অন্তৱৰ্তীকালীন জামিন
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা পঞ্জাৱৰ খাদুৰ চাহাবৰ সাংসদ তথা ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ এদিনৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিন।
আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে এদিনৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে অমৃতপাল সিঙে। অমৃতসৰৰ এখন স্থানীয় আদালতে এই অনুমতি প্ৰদান কৰে।
দেওবাৰে দীপাৱলীৰ দিনা অমৃতপাল সিঙৰ আইতাক চৰণ কৌৰৰ মৃত্যু হয়। ৮৪ বছৰীয়া চৰণ কৌৰৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে অমৃতপাল সিঙৰ পৰিয়ালে আৰু অধিবক্তাই আদালতৰ কাষ চাপে। ইয়াৰ পিছতে আদালতে এদিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।
অমৃতপাল সিঙে শেষকৃত্যৰ সকলো অনুষ্ঠানলৈকে অংশগ্ৰহণ কৰাৰ অনুমতি বিচাৰিছিল যদিও আদালতৰ পৰা মাত্ৰ এদিনৰ বাবেহে অনুমতি লাভ কৰিছে। ১৪ নৱেম্বৰৰ দিনটোৰ বাবেহে এই অনুমতি পাইছে। শেষকৃত্যলোকে অনুমতি বিচৰা হৈছিল যদিও মাত্ৰ এদিনৰহে অনুমতি দিয়া হৈছে।
উল্লেখ্য যে, ২০২৩ চনত ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনক কেন্দ্ৰ কৰি পঞ্জাৱত সৃষ্টি হোৱা ঘটনাক্ৰমৰ পিছত অমৃতপাল সিং আৰু তেওঁৰ কেইবাজনো সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০২৩ চনৰ ১৯ মাৰ্চত প্ৰথম পৰ্যায়ত তেওঁৰ চাৰি সমৰ্থক দলজিৎ সিং কালচি, বচন্ত সিং, গুৰমিত সিং ভূষণৱালা আৰু ভগৱন্ত সিংক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল। ইয়াৰ পিছত ২১ মাৰ্চত দ্বিতীয় পৰ্যায়ত ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ খুড়াক হৰিজিত সিঙক ডিব্ৰুগড়লৈ অনা হয়। একেদিনাই অমৃতপাল সিঙৰ দুই ঘনিষ্ঠ সহযোগী কুলৱান্ট সিং ধালিয়াল আৰু গুৰিন্দৰ পাল সিঙকো কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল। পৰৱৰ্তী সময়ত অমৃতপাল সিঙকো ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হয়। তেওঁৰ বিৰুদ্ধে বিভিন্ন অপৰাধমূলক গোচৰ পঞ্জীয়নভুক্ত হৈ আছে। হিংসাত উচটনি, হত্যাৰ চেষ্টা, আৰক্ষী কৰ্মীক আক্ৰমণ আৰু আইন-শৃংখলাজনিত বিভিন্ন অভিযোগক কেন্দ্ৰ কৰি তেওঁৰ বিৰুদ্ধে গোচৰ চলি আছে।
এনে পৰিপ্ৰেক্ষিতত আইতাকৰ মৃত্যুৰ পিছত শেষ শ্ৰদ্ধা জনোৱাৰ সুযোগ লাভ কৰাৰ বাবে আদালতৰ কাষ চাপিছিল অমৃতপাল সিঙৰ অধিবক্তাৰ দল। আদালতৰ এদিনীয়া অন্তৱৰ্তীকালীন অনুমতিৰ পিছত কটকটীয়া নিৰাপত্তাৰ মাজত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁক পঞ্জাবলৈ নিয়াৰ প্ৰস্তুতি চলিছে। শনিবাৰে তেওঁ আইতাক চৰণ কৌৰৰ শেষকৃত্যত অংশগ্ৰহণ কৰি পুনৰ কাৰাগাৰলৈ উভতি অহাৰ সম্ভাৱনা আছে।
- Log in to post comments