
ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আৰবাজ খান
ডবকাত ব্যস্ত বলীউডৰ অভিনেতা আৰবাজ খান
ডবকাৰ লগতে হোজাইৰ ভিন্ন স্থানত চলিছে শ্বুটিং
আৰবাজৰ লগত আহিছে বলীউডৰ এদল কলা-কুশলী
অসমত চলিছে ‘বিহু এটেক’ বোলছবিৰ শ্বুটিং
ছবিখনৰ এটা মূল চৰিত্ৰত অভিনয় অসমৰ এনী মিছ’বাৰ
হোজাইত ভিৰ কৰিছে বলীউডৰ অভিনেতা-অভিনেত্ৰীয়ে। অসমত চলি আছে বলীউডৰ এখন চিনেমাৰ শ্বুটিং। চিনেমাখনৰ ৯০ শতাংশ শ্বুটিং হৈছে অসমত। এইখন বিগ বাজেটৰ ছবি নিৰ্মাণ কৰিছে অসমৰে এজন যুৱকে।
ছবিখনত অভিনয় কৰিছে আৰবাজ খান, ৰাহুল দেৱ, ডেইজী শ্বাহকে ধৰি বহুকেইগৰাকী বলীউড তাৰকাই। এই ছবিখনত দেখা পোৱা যাব অসমৰ এনী মিছ’বাকো। পূৰ্বেও অভিনেত্ৰী পদ্মিনী কোহলাপুৰীৰ সৈতে এটা গানৰ ভিডিঅ’ত অভিনয় কৰিছিল এনী মিছ’বাই।
- Log in to post comments