ভাৰতত নিৰ্মাণ বিশ্বৰ দীৰ্ঘতম দ্ৰুতবেগী Hyperloop Tube, Hyperloop Tube কি?

hyperloop tube

শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে IIT মাদ্ৰাজৰ হাইপাৰলুপ টেষ্টিং ফেকাল্টী চেণ্টাৰ পৰিদৰ্শন কৰি কয় যে, 'IIT মাদ্ৰাজত পৰীক্ষণ চলি থকা ৪১০ মিটাৰ দৈৰ্ঘ্যৰ Hyperloop Tube শীঘ্ৰেই বিশ্বৰ দীৰ্ঘতম Hyperloop হৈ উঠিব। ছ’চিয়েল মিডিয়াত এই তথ্য শ্বেয়াৰ কৰি তেওঁ কয় যে এয়া এছিয়াৰ আটাইতকৈ দীঘল হাইপাৰলুপ টিউব আৰু ই অতি সোনকালে বিশ্ব অভিলেখ গঢ়ি তুলিব।

IIT মাদ্ৰাজৰ ডিস্কভাৰী কেম্পাছৰ হাইপাৰলুপ টেষ্ট চেণ্টাৰত অত্যাধুনিক পৰিবহণ প্ৰযুক্তিৰ লাইভ প্ৰদৰ্শন প্ৰত্যক্ষ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে, তেওঁ কয় যে এই তীব্ৰবেগী ৰে’লখন শূন্যতাত চলে আৰু ইয়াক সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰে প্ৰস্তুত কৰা হৈছে।

আনহাতে, এই প্ৰকল্পৰ বাবে ৰে’ল মন্ত্ৰালয়ে আৰ্থিক সাহায্য আৰু কাৰিকৰী সহায় আগবঢ়াইছে। লগতে হাইপাৰলুপৰ বাবে প্ৰয়োজনীয় ইলেক্ট্ৰনিক প্ৰযুক্তি চেন্নাইৰ ইন্টিগ্ৰেল কোচ ফেক্টৰীত বিকশিত কৰা হ’ব। এই একেখন প্ৰতিষ্ঠানে বন্দে ভাৰতৰ তীব্ৰবেগী ৰে’লৰ বাবেও ইলেক্ট্ৰনিক ব্যৱস্থা প্ৰস্তুত কৰিছে।

Hyperloop Tube কি?

Hyperloop Tube হৈছে এক নতুন পৰিবহণ ব্যৱস্থা য’ত ভেকুয়াম টিউবৰ ভিতৰত কেপচুলৰ দৰে বাহন অতি বেছি বেগত চলোৱা হয়। এই প্ৰযুক্তিয়ে হয়তো পৰম্পৰাগত ৰে'ল আৰু বিমান যাত্ৰাতকৈ দ্ৰুত গতি প্ৰদান কৰিবলৈ সক্ষম হ’ব। এটা তথ্য অনুসৰি ইয়াৰ গতিবেগ ১০০০ৰ পৰা ১২০০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ ভিতৰত হ’ব পাৰে। Hyperloopয়ে গতানুগতিক ইন্ধনৰ ওপৰত নিৰ্ভৰ নকৰে, যাৰ বাবে ই পৰিৱেশ অনুকূল।

ইয়াৰ মূল ধাৰণাটো ২০১৩ চনত ইলন মাস্কে দিছিল। ইয়াৰ পিছত Virgin Hyperloop আৰু Hyperloop TTৰ দৰে বহু কোম্পানীয়ে এই প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে।

Category