
গুৱাহাটী মহানগৰীত মাজনিশা প্ৰায় ১:৪০বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS01 AY 9101 নম্বৰৰ এখন চুইফট বাহনে মহটিয়াই নিয়ে স্কুটীক। আৰু দুৰ্ঘটনাত থিতাতে নিহত হয় ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া OC বিৰিঞ্চি দাস।
দুৰ্ঘটনাৰ ফলত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে স্কুটিখন। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰিছিল চুইফট বাহনখনে। ঘটনা সংঘটিত কৰিয়েই পলায়ন চুইফট খনৰ চালক জনৰ।
জানিব পৰা মতে, প্ৰায় এমাহ পূৰ্বে মৃত্যু হৈছিল বিৰিঞ্চি দাসৰ মাতৃৰ। মাতৃ বিয়োগৰ শোঁক মাৰ নৌযাওঁতেই দুৰ্ঘটনাত মৃত্যু আৰক্ষী বিষয়া পুত্ৰৰ। মাতৃৰ বিয়োগৰ পিছত ছুটিত আছিল OC বিৰিঞ্চি দাস। পুনৰ চাকৰিত যোগদানৰ বাবে আহি আছিল বিষয়াজন।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ লওতে সংঘটিত হয় এই দুৰ্ঘটনাটো। কোনোধৰণৰ পোহৰৰ ব্যৱস্থাত নথকাত নিশা প্ৰায়ে সেই স্থানত সংঘটিত হয় দুৰ্ঘটনা। চুইফট বাহনখনৰ চালকক বিচাৰি অভিযান আৰম্ভ আৰক্ষীৰ। মৃত আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ ঘৰ নগাঁৱৰ দক্ষিণপাটত।
- Log in to post comments