পুনৰ ৰাজপথত মধ্যাহ্ন ভোজনৰ কৰ্মীসকল! কেতিয়া পাব উচিত পাৰিশ্ৰমিক?

khanapara protest

স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অপুষ্টি দূৰীকৰণ আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ১৯৯৫ চনৰ ১৫ আগষ্টত ভাৰত চৰকাৰে মধ্যাহ্ন ভোজন আঁচনি প্ৰৱৰ্তন কৰিছিল। ২০০৫ চনত অসমত ৰূপায়ণ কৰা এই আঁচনিখন বৰ্তমান প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ (PM-POSHAN) নামেৰে জনা যায়।‌ ১৯৯৫ চনত কাৰ্যকৰী হোৱা এই আঁচনিখনৰ লক্ষ্য হৈছে চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ত শিশুৰ পুষ্টিৰ অৱস্থা উন্নত কৰা, আৰু নিয়মীয়াকৈ উপস্থিত থাকিবলৈ উৎসাহিত কৰা।

এই আচঁনিৰ অধীনত শিশু সকলক যাতে পৰিস্কাৰ আৰু সুন্দৰ ভাৱে খাদ্য ৰান্ধি দিব পাৰে তাৰ বাবে ২০০৫ চনত অসম চৰকাৰে বহু লোকক কৰ্ম সংস্থাপন প্ৰদান কৰিছিল। ২০০৫ চনৰ পৰা ২০০৯ চনৰ নৱেম্বৰ মাহলৈকে এই আঁচনিৰ অধীনত ৰান্ধনীসকলে অতি কম পাৰিশ্ৰমিকত কাম কৰি আছিল। কিন্তু ২০০৯ চনত তেওঁলোকৰ  পাৰিশ্ৰমিক ধন অসম চৰকাৰে ১০০ টকা আৰু কেন্দ্ৰীয় চৰকাৰে ৯০০ টকালৈ বৃদ্ধি কৰি ১০০০ টকা প্ৰদান কৰিলে।

কিন্তু সময়ৰ লগে লগে এই শ্ৰমিকসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ দাবী জনায়, আৰু ২০২১ চনত চৰকাৰে তেওঁলোকৰ দৰমহা ১৫০০ টকালৈ বৃদ্ধি কৰিলে। কিন্তু চৰকাৰে কেইটামান মাহ ১৫০০টকা প্ৰদান কৰি পুনৰ শ্ৰমিকসকলক মাত্ৰ ১০০০টকাহে প্ৰদান কৰি আহিছে। আৰু তেওঁলোকে ১২ মাহৰ দৰমহা নাপায় মাত্ৰ ১০ মাহৰ দৰমহাহে পায়। বহু সময়ত এই শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি দাবী জনাই আহিছে কিন্তু চৰকাৰ নতুবা শিক্ষা বিভাগে কেবল প্ৰতিশ্ৰুতি প্ৰদান কৰি তেওঁলোকৰ দায়িত্ব সামৰিছে। এই শ্ৰমিকসকলৰ বাবে চৰকাৰে কোনো ফলপ্ৰসূ আঁচনি ৰূপায়ন কৰা দেখা পোৱা নাই। 

চৰকাৰে যদি বিভিন্ন ধৰণৰ আঁচনিৰ লগতে অৰুণোদয় আচঁনিৰ ধন প্ৰতি মাহৰ ১০ৰ পৰা ১২তাৰিখৰ ভিতৰত ১২৫০টকা প্ৰদান কৰিব পাৰে তেন্তে এই কষ্ট কৰি শিশু সকলক খাদ্য ৰান্ধি দিয়া ৰান্ধনী সকলক উপযুক্ত সময়ত উচিত মূল্য প্ৰদান কৰিব নোৱাৰাৰ কাৰণ কি? 

যি সময়ত অত্যাবশ্যকীয় সামগ্ৰী লগতে জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধিয়ে মাধমাৰ সূধাইছে তেনে স্থলত ১০০০ টকাৰ পাৰিশ্ৰমিকে কি দৰে জীৱন যাপন কৰিব পাৰিব। শ্ৰমিকসকলক তেওঁলোকৰ মাহিলী পাৰিশ্ৰমিক বৃদ্ধিৰ লগতে শ্ৰমিকসকলক নিযুক্তি পত্ৰ দি তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ বাবে চৰকাৰ নতুবা শিক্ষা বিভাগৰ চকু খোল খাবনে। 

উল্লেখ্য যে, পৰিশ্ৰমৰ উচিত মূল্য বিচাৰি মধ্যাহ্ন ভোজনৰ ৰান্ধনী‌ সকলে আজি খানাপাৰাত প্ৰতিবাদ কৰে। ৰান্ধনী সন্থাৰ প্ৰতিবাদৰ পিছতে মুখ্যমন্ত্ৰীৰ তৎপৰতা। ৰান্ধনী সন্থাৰ সৈতে আলোচনাত বহিবলৈ সাজু মুখ্যমন্ত্ৰী। প্ৰতিবাদস্থলীৰ পৰা ৫ গৰাকী মহিলাক আমন্ত্ৰণ আলোচনাৰ বাবে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এটা দলে আহি লৈ যাব মহিলাকেইগৰাকীক। আলোচনা সম্পন্ন নোহোৱা পৰ্যন্ত প্ৰতিবাদস্থলীতে থাকিব মহিলাসকল। ৰান্ধনীসকলৰ মাহিলী দৰমহা ৯,৬০০ টকাকৈ প্ৰদানৰ দাবী।
 

Category