পাণবজাৰ আৰক্ষীৰ বৰ্বৰ কাণ্ডই জোকাৰিছে সমগ্ৰ ৰাজ্যক। ডেলিভাৰী বয়ক গুৰুলাগুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ। পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাৰ বৰ্বৰ কাণ্ড। এয়া যেন ক্ষমতাৰ দাদাগিৰি। বিগত কিছু দিন পূৰ্বে এনেদৰেই ক্ষমতাৰ প্ৰয়োগ কৰি আন এজন ছাত্ৰক প্ৰহাৰ কৰিছিল OC ভাৰ্গৱ বৰবৰাই।
উল্লেখ্য যে, ট্ৰেফিক ছিগনেল ভংগৰ অপৰাধত এজন যুৱকক প্ৰহাৰ কৰিছিল OC ভাৰ্গৱ বৰবৰাই। অত্যাচাৰৰ বলি হোৱা যুৱকজন কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰ জ্ঞানদ্বীপ হাজৰিকা আছিল বুলি জানিব পৰা গৈছে।
আনহাতে, কেমেৰাত বন্দী প্ৰহাৰৰ সমগ্ৰ দৃশ্য। শুকুৰবাৰে সন্ধিয়া ফাঁচী বজাৰত সংঘটিত হয় এই বৰ্বৰ ঘটনা। খাকী পোছাকৰ ক্ষমতা দেখুৱাই ৰাজপথত গুণ্ডাগিৰি।
যান-বাহন আইন ভংগ কৰিলে ভৰিব লাগে জৰিমনা, জৰিমনাৰ বিপৰীতে কিয় গুৰুলাগুৰুলকৈ প্ৰহাৰ?
ইতিমধ্যেই ফাঁচী বজাৰৰ ঘটনা সন্দৰ্ভত নিলম্বন কৰা হৈছে পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাক। সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ DGP জি পি সিঙৰ। ‘এনে ঘটনা কোনো কাৰণতে কাম্য নহয়’ । ঘটনাৰ বিভাগীয় তদন্তৰ নিৰ্দেশ DGPৰ। অনতিপলমে অন্য এগৰাকী বিষয়াক মকৰলৰ নিৰ্দেশ।
- Log in to post comments