বাস্তুৰ কিছু ঘৰুৱা বিধি! কি কি নিয়ম পালন কৰি এখন ঘৰৰ বাস্তুদোষ উপশম কৰিব পাৰি?

vastu tips

এখন ঘৰত বাস্তুদোষ থাকিলে বিভিন্ন বিপদে দেখা দিব পাৰে। সেয়া লাগিলে অৰ্থনৈতিক, পাৰিবাৰিক বা মানসিকে নহওঁ কিয় এই সমস্যাসমূহে আপোনাৰ জীৱনলৈ বিভিন্ন মেৰপাচৰ সৃষ্টি কৰিব পাৰে। 

উল্লেখ্য যে, বহুতৰ ঘৰত বাস্তুৰ দোষ থকাৰ বাবেই ৰাতি টোপনিৰ সমস্যা হোৱা দেখিবলৈ পোৱা যায়৷ ঘৰত যদিহে বহু বেছি পৰিমাণে বাস্তুৰ দোষ থাকে তেনেহ'লে এই সমস্যা হ'ব পাৰে৷ বাস্তুৰ দোষ থিক কৰি এই সমস্যাৰ পৰা উপশম পাব পাৰি৷ এই সমস্যাৰ পৰা সমাধান পাবলৈ ৰাতি শুৱাৰ সময়ত এটা তামৰ বা পিতলৰ গিলাচত এগিলাচ পানী লৈ, পানী গিলাচ ঢাকি শীতানৰ ফালে থৈ দিব৷ এনেকুৱা কৰিলে আপোনাৰ টোপনি লাহে লাহে ভাল হ'ব৷

বাস্তুৰ দোষ ঠিক কৰি টকা-পইচাৰ অভাৱ কেনেদৰে দূৰ কৰিব?

এটা ঘৰৰ মুখ্যদ্বাৰখন ৰখাটো প্ৰয়োজন৷ আনহাতে, সদায় পুৱা শুই উঠি ঘৰ খন চাফা কৰাৰ লগতে তামৰ গিলাচত এগিলাচ পানী লৈ তাত কেঁচা হালধিৰ ৰস মিহলাই, এখিলা পাণৰ পাতেৰে ঘৰৰ বাহিৰত আৰু ভিতৰত পানী ছটিয়াব৷ এনেকুৱা কৰিলে ঘৰৰ নিগেটিভ এনাৰ্জী নাইকীয়া হয়৷ লগতে পইচাক লৈ সৃষ্টি হোৱা অসুবিধা নাইকিয়া হ'ব৷

বাস্তুদোষৰ পৰা উপশম পাবলৈ ঘৰত কি কি নিয়ম পালন কৰিব লাগে?

১) হনুমান চালিসা কেতিয়াও বিচনাত পঢ়িব নালাগে ৷

২) ৰাতিপুৱা আৰু গধূলি প্ৰতিদিনেই ঘৰত বন্তি জ্বলাব লাগে ৷

৩) ঘৰৰ মুখ্যদ্বাৰৰ পৰা যাতে কোনো ধৰণৰ শব্দ নোলায় সেয়া মন কৰিব লাগে ৷

৪) ঘৰৰ উত্তৰ-পূৱ দিশত কেতিয়াও ডাছবিন ৰাখিব নালাগে ৷

Category