কোন দিশে ঢাল খাইছে বৰ্তমানৰ যুৱপ্ৰজন্মসকল। দীপাৱলীৰ নিশাই অত্যাধিক মদ্যপাণ কৰি মৃত্যুৰ মুখত পৰিল দুজনকৈ লোক।
দীপাৱলীৰ নিশাই খানাপাৰাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাৰ। দুখন স্কৰপিঅ’ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত শোকাৱহ ঘটনা। এই সংঘৰ্ষত থিতাতে নিহত দুজন কৈ লোক।
জানিব পৰা মতে, থিতাতে নিহত যুৱকজন দীপিত দে’ আৰু নিহত যুৱতীগৰাকী কনামিকা নাৰ্জাৰী। লগতে, আহত যুৱতীগৰাকী নেহা বসুমতাৰী বুলিও জানিব পৰা গৈছে। GMCHত মৃত্যুৰে যুঁজিছে আন আহত যুৱতীয়ে।
দুৰ্ঘটনাত চূৰ্ণ-বিচুৰ্ণ হৈ পৰিছিল দুয়োখন বাহন। খানাপাৰা দিশৰ পৰা আহিছিল এখন স্কৰপিঅ’। ভিভাণ্টাৰ সন্মুখত ইউটাৰ্ণ লওঁতেই দুৰ্ঘটনা।
উল্লেখ্য যে, অত্যধিক মদ্যপানৰ বাবেই সংঘটিত হ’ল এই ভয়ংকৰ দুৰ্ঘটনা। নিহত কনামিকা নাৰ্জাৰীৰ ঘৰ কোকৰাঝাৰত বুলি জানিব পৰা গৈছে। পঢ়াত অত্যন্ত মেধাৱী আছিল কনামিকা। GUত স্নাতকোত্তৰ সমাপ্ত কৰি ক’চিং কৰি আছিল কনামিকাই।
দীপাৱলী বুলি বন্ধুৰ সৈতে ওলাই আহিছিল কনামিকা নাৰ্জাৰী। গুৱাহাটীৰ ছয়মাইলত ভাৰাতীয়া হিচাপে আছিল কনামিকা। দু্ঘটনাত মৃত্যু হোৱা দীপিত দে’ৰ ঘৰ গুৱাহাটীৰ শ্ৰীনগৰত। ধনতেৰাছৰ দিনা ক্ৰয় কৰিছিল স্কৰপিঅ’ বাহনখন। নিশা বাৰৰ পৰা ওলাই আহিছিল তিনিও আৰোহী। আটাইকেইগৰাকীৰ হাতত লাগি আছিল বাৰৰ এণ্ট্ৰি পাছ।
- Log in to post comments