'চেকিঙ কৰোঁতে তাত এখন পৰ্দা থাকিব লাগিছিলে, এনেকুৱা বুলি জনা হয় পৰীক্ষাই দিবলৈ নগলোঁ হয়' - ভুক্তভোগী...

adre

যোৱাকালি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাজ্যত অনুষ্ঠিত হ’ল তৃতীয় বৰ্গৰ নিযুক্তিৰ বাবে বাছনি পৰীক্ষা। এই পৰীক্ষাত ১১ লাখ ২৩ হাজাৰ ২০৪গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয়। ৩ হাজাৰ ১২৭টা পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হয় ADRE। লক্ষণীয়ভাৱে এটা পদৰ বিপৰীতে প্ৰাৰ্থীৰ সংখ্যা ৩৬৭গৰাকী।  এই নিযুক্তি পৰীক্ষাই উদঙালে ৰাজ্যৰ নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপ।  

উল্লেখ্য যে, ADRE পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়তে সংঘটিত এক লজ্জানিত ঘটনা। চেকিঙৰ নামত মহিলা আৰক্ষীৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী যুৱতীৰ। অভিযোগ অনুসৰি চেকিঙৰ নামত যুৱতী মহিলাৰ অন্তৰ্বাস খোলাৰ লগতে গোপন স্থানত হাত দিলে মহিলা আৰক্ষী বিষয়াই। আনহাতে, সেই পৰীক্ষা স্থানত মহিলাৰ চেকিঙৰ বাবে কোনো বিশেষ কক্ষৰ ব্যৱস্থা নকৰাকৈ মহিলা আৰক্ষীৰ দলে চেকিং কৰিছিল পৰীক্ষাৰ্থীসকলক। মুকলি স্থানতে আৰক্ষীয়ে যুৱতী-মহিলা পৰীক্ষাৰ্থীক সকলক তালাচী চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। 

এই ঘটনাটো সংঘটিত হৈছে নলবাৰীৰ শ্বহীদ স্মৃতি ছিনিয়ৰ চেকেণ্ডাৰী স্কুল,বেলশৰত। ভুক্তভোগী যুৱতীগৰাকীয়ে ফেচবুক লাইভ যোগে উত্থাপন কৰিছে এই অভিযোগ। যুৱতীগৰাকীয়ে ফেচবুক লাইভত কয় - ' চেকিঙৰ নামত তেওঁলোকে আমাৰ শৰীৰ যেনেকৈ চুইচে সেইটো মই ভাল পোৱা নাই। মাৰ্জিত পোচাক পিন্ধি যোৱাৰ পিছতো চেকিঙৰ নামত অন্তৰ্বাস খোলাৰ লগতে গোপন স্থানত হাত দিছে। মই নাজানোঁ তেওঁলোকে তাত কি বিচাৰি আছিল। চেকিঙৰ নামত আমাক মানসিকভাৱে হাৰাশাস্তি কৰিছে।'

আনফালে যুৱতীগৰাকীৰ বিস্ফোৰক ফেচবুক লাইভৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। ভৱিষ্যতে যাতে এনে নহয় তাৰ বাবে মুখ্যমন্ত্ৰীক ব্যৱস্থা কৰাৰ আহ্বান। যুৱতীগৰাকীৰ এই অভিযোগৰ পিছতে তদন্ত ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। নলবাৰী জিলা আয়ুক্তৰ লগতে DIGক তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ

Category