অসমৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাত কোনে কিমান ভোটত অগ্ৰগতি লাভ কৰিছে?....

politics

আৰম্ভ হ’ল লোকসভা নিৰ্বাচনৰ ভোটগণনা। সমগ্ৰ দেশৰ লগতে অসমৰ ৫২ কেন্দ্ৰত ভোটগণনা চলি আছে। পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগণনা।

গতিকে, জানো আহক -

অসমৰ ১৪টা লোকসভা সমষ্টিত কোনে কিমান ভোটত অগ্ৰগতি লাভ কৰিছে?

* গুৱাহাটী সমষ্টিত ১১,৯২৪টা ভোটত আহবাঢ়ি আছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি।
* যোৰহাট সমষ্টিত ১২,৯৮০টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ।
* নগাঁও লোকসভা সমষ্টিত ৪২৪টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰা।
* লখিমপুৰ লোকসভা সমষ্টিত ২০,৫৯৩টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা।
* বৰপেটা লোকসভা সমষ্টিত ১৬,৯৩৭টা ভোটত আগবাঢ়ি আছে অগপ ফণীভূষণ চৌধুৰী।
* দৰং ওদালগুৰি সমষ্টিত ৪,৯১১টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশী।
* ধুবুৰী সমষ্টিত ৩০,১২৭টা ভোট আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইন।
* ডিব্ৰুগড় সমষ্টিত ২০,৮৩৮টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল।
* ডিফু সমষ্টিত ৮৩৮টা ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী অমৰ সিং তিছু।
* কাজিৰঙা সমষ্টিত ২২,০৮০টা ভোট আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা।
* কোকৰাঝাৰ সমষ্টিত ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী ৩,৩৮৯টা ভোটত অগ্ৰগতি লাভ কৰি আছে।
* শোণিতপুৰত ৪৫,১১৪টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত।

Category