আজি ১৩ মে', আজি দেশৰ ১০ খন ৰাজ্যত অনুষ্ঠিত হ’ব চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। দেশৰ ৯ খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্রহণ কৰা হ'ব।
উল্লেখ্য যে, অন্ধ্র প্রদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্য প্রদেশ আৰু পশ্চিম বংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে ভোটগ্ৰহণ।
এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ১৭১৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুর্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্রপ্রদেশৰ ১৭৫ জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ ১৪৭ খন আসনৰ ২৮ খনৰ বাবে ভোটগ্রহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে।
উল্লেখযোগ্য যে, এইবাৰ কেইবাগৰাকীও হাইপ্ৰফাইল প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVMত। এইসকলৰ ভিতৰত আছে ৰাজ্যসভাৰ বিৰোধী দলপতি অধীৰৰঞ্জন চৌধুৰী, অখিলেশ সিং যাদৱ, শত্ৰুঘ্ন সিন্হা।
আনহাতে, ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব দুই ক্ৰিকেটাৰ কীৰ্তি আজাদ আৰু ইউচুফ পাঠানৰো।
- Log in to post comments