জামিনৰ পিছতেই প্ৰধামন্ত্ৰী মোদীক প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ.....

Arvind Kejriwal

কাৰাগাৰৰ পৰা অন্তৱৰ্তীকালীন জামিনত মুকলি হৈয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান অৰবিন্দ কেজৰিৱালৰ। শনিবাৰে নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীৰ লগতে বিজেপিৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপিক ভ্ৰষ্টাচাৰী আখ্যা দি পৰিণামৰ বাবে অপেক্ষাৰ আহ্বান কেজৰিৱালৰ। আনহাতে, শনিবাৰৰ পৰা দিল্লীৰ নিৰ্বাচনী ময়দানত নামিছে আপৰ শীৰ্ষ নেতাগৰাকী। নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে সতীৰ্থসহ হনুমান মন্দিৰত উপস্থিত হৈ আশিস লয় কেজৰিৱালে!

Category