ইতিমধ্যেই প্ৰকাশৰ পালে মেট্ৰিকৰ ফলাফল! পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা হ’ল ফলাফলসমূহ........

hslc

ইতিমধ্যেই প্ৰকাশৰ পালে মেট্ৰিকৰ ফলাফল। পুৱা ১০.৩০ বজাৰ লগে লগে ঘোষণা হ’ল ফলাফলসমূহ। ছেবাই আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে এই তথ্য

ছেবাৰ ১০টাকৈ ৱেবছাইটত উপলব্ধ হৈছে ফলাফলসমূহ। ৱেবছাইট কেইটাক্ৰমে - 


Exametc. com, resultassam.nic.in
www.schools9.com, www.indiaresults.com
assamresult.in, www.results.shiksha
www.jagaranjosh.com, www.assam.shiksha
www.vidyavision.com, http://sebaonline.org


এই সমূহ ৱেবছাইটযোগে শিক্ষাৰ্থীয়ে ফলাফলবোৰ লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৯১৩টা পৰীক্ষা কেন্দ্ৰত মুঠ ৪ লাখ ২৭ হাজাৰ ৯২২গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। সম্পূৰ্ণ নতুন পদ্ধতিৰে অনুষ্ঠিত হৈছিল এইবাৰৰ মেট্ৰিক পৰীক্ষা। ইংৰাজী, অংক, বিজ্ঞান, সমাজবিজ্ঞানৰ প্ৰশ্নকাকত আছিল OMR শ্বীটত।

১ নম্বৰৰ ৪৫টা প্ৰশ্নৰ উত্তৰ দিব লগা হৈছিল OMR শ্বীটত। এই চাৰিটাকৈ বিষয়ত বাকী থকা ৪৫ নম্বৰ বেলেগ এখন উত্তৰ বহীত দীঘল প্ৰশ্নৰ উত্তৰ লিখিবলগীয়া হৈছিল। ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হৈছিল মেট্ৰিক পৰীক্ষা।
 

Category
Profile picture for user UB Photos