ভাৰতবৰ্ষত কেতিয়া লৈ পালন কৰা হ'ব ঈদ-উল-ফিটৰ? জানো আহক.........

eid

সোমবাৰে ছৌদি আৰৱৰ আকাশত দেখা নগ'ল জোন, সেয়েহে মংগলবাৰৰ দিনটোতো ইছলাম ধৰ্মালম্বী লোকসকলে ৰোজা ৰাখিব লাগিব। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বত ইতিমধ্যেই ঈদৰ প্ৰস্তুতি অব্যাহত আছে। সকলোৱে অধিৰ আগ্ৰহেৰে ৰৈ আছে ঈদৰ জোন চাবলৈ। 

ইছলামিক কেলেণ্ডাৰৰ মতে বছৰৰ নৱম মাহ ৰমজান আৰু দশম মাহ শওৱাল আৰু এই মাহৰ প্ৰথম দিনটোতে ঈদ পালন কৰা হয়। ঈদৰ উৎসৱৰ সৈতে অন্ত পৰে ৰমজানৰ ৰোজাৰ। ৰমজান মাহত মুছলমান সকলে সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে ৰোজা পালন কৰে। এই সময়ছোৱাত তেওঁলোকে পানী এটোপাও গ্ৰহণ নকৰে।

উল্লেখ্য যে, ছৌদি আৰৱত জোন দেখা পালে দেশৰ লগতে সমগ্ৰ বিশ্বতে ঈদ উদযাপন কৰা হ’ব। কিন্তু কেতিয়া পালন কৰা হ’ব পবিত্ৰ ঈদ?

ছৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, ওমান, কাটাৰ, কুৱেইট, বাহৰেইন, ইজিপ্ত, তুৰস্ক, ইৰাণকে ধৰি মধ্যপ্ৰাচ্য আৰু পশ্চিমৰ অন্যান্য দেশত ৮ এপ্ৰিলৰ সন্ধিয়া চন্দ্ৰ দেখা পোৱা নগ’ল। সেয়েহে ১০ এপ্ৰিলত ঈদ-উল-ফিটৰ উদযাপন কৰা হ’ব এই দেশসমূহত ।যিহেতু সোমবাৰে চৌদি আৰৱৰ আকাশত চন্দ্ৰ দেখা নগ’ল, সেয়েহে মঙলবাৰলৈকে মুছলমানসকলে ৰোজা ৰাখিব লাগিব।

আনহাতে, মৰক্কোৰ ইছলামিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে মঙলবাৰে অৰ্থাৎ আজি আকৌ এবাৰ চন্দ্ৰ চোৱা হ’ব। স্থানীয় সময় অনুসৰি সোমবাৰে সন্ধিয়া অৰ্ধচন্দ্ৰ দেখা নগ’ল বাবে ছৌদি আৰবে অহা বুধবাৰ অৰ্থাৎ ১০ এপ্ৰিলত ঈদ-উল-ফিটৰৰ প্ৰথম দিন হিচাপে ঘোষণা কৰিছে। গতিকে এইবাৰ পবিত্ৰ ৰমজান মাহৰ ৩০ দিনত অন্ত পৰিব।

অৱশ্যে ভাৰতত ১০ তাৰিখে চন্দ্ৰৰ অৱস্থান চোৱাৰ পিছতহে ঈদৰ ঘোষণা কৰা হ’ব। ফলত অহা ১১ তাৰিখেহে দেশত ঈদ-উল-ফিটৰ উদযাপন কৰা হ’ব বুলি ভবা হৈছে। ছৌদি আৰৱৰ নিয়ম অনুসৰি কেৱল কেৰালাতহে ঈদ পালন কৰা হয়। যদি এই দিনটোত চন্দ্ৰ দেখা নাযায়, তেন্তে ভাৰত আৰু দক্ষিণ এছিয়াৰ অন্যান্য দেশসমূহেও পিছদিনা ৰোজা ৰাখিব। ইয়াৰ পিছত ১০ এপ্ৰিল বুধবাৰে ইফটাৰৰ পিছত চন্দ্ৰ দেখা যাব আৰু ১১ এপ্ৰিল, ২০২৪ বৃহস্পতিবাৰে ঈদ পালন কৰা হ’ব।

Category
Profile picture for user UB Photos