পুনৰ বৃদ্ধি ব্ৰহ্মপুত্ৰৰ জলস্তৰ! ব্যাহত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা........

ferry

কেইবাদিন ধৰি দিয়া নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। লুইতৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ব্যাহত হৈ পৰিছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা।

উল্লেখ্য যে, ফেৰীসেৱা ব্যাহত হোৱাত যাত্ৰীৰ মাজত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। তৎকালীনভাৱে জেঠি মেৰামতি হ’লেহে চলিব ফেৰী। বৰ্তমানেও ফেৰীৰ বাবে অপেক্ষাৰত বহু যাত্ৰী।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিৰ্দেশনা জাৰি। কিন্তু ফেৰী ঘাটত এতিয়ালৈ উপস্থিত হোৱা নাই জলপৰিবহণ কৰ্মচাৰী।।
 

Category