উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ষ্টেট বেংকৰ আবেদন! মাত্ৰ এদিনৰ ভিতৰতে জমা দিব লাগিব নিৰ্বাচনী বণ্ডৰ তথ্য.....

sbi

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ষ্টেট বেংকৰ আবেদন! নিৰ্বাচনী বণ্ড সন্দৰ্ভত খাৰিজ কৰা হৈছে এই আবেদন। সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে এদিনৰ ভিতৰত অৰ্থাৎ ১২ মাৰ্চৰ দিনা নিৰ্বাচনী বণ্ডৰ সৈতে জড়িত সকলো তথ্য ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগক গতাই দিব লৈ আহ্বান জনায়। ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক অহা ১৫ মাৰ্চৰ দিনা সন্ধিয়া ৫ বজাৰ ভিতৰত বণ্ডৰ তথ্য চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰিব লৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ১২ এপ্ৰিল ২০১৯ৰ পৰা এতিয়ালৈকে নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য ৬ মাৰ্চৰ ভিতৰত এছ বি আইয়ে গতাই দিব লগা আছিল। কিন্তু এছ বি আইয়ে উচ্চতম ন্যায়ালয়ক এই তথ্য প্ৰকাশৰ বাবে অতিৰিক্ত সময়ৰ বাবে অনুৰোধ জনায়। ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড ব্যৱস্থাক ‘অসাংবিধানিক’ আৰু ‘ক্ষতিকাৰক’ বুলি অভিহিত কৰিছিল। 

উল্লেখযোগ্য পৰিঘটনাত আদালতে এছ বি আইক সকীয়াই দিয়ে যে যদিহে কাইলৈ ব্যৱসায় বন্ধ হোৱাৰ ভিতৰত এই তথ্য প্ৰকাশ কৰিব নোৱাৰে তেন্তে এছ বি আইক অৱমাননাৰ গোচৰ ৰুজু কৰা হ’ব। ভাৰতৰ সৰ্ববৃহৎ বেংক, ২৩ শতাংশ বজাৰ অংশীদাৰিত্ব থকা এছ বি আইৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকক এই নিয়ম মানি চলাৰ পিছত শপতনামা দাখিল কৰিবলৈও আদালতে নিৰ্দেশ দিয়ে।

লগতে, আদালতে কয় যে এই সময়ত আমি অৱজ্ঞাৰ অধিকাৰ প্ৰয়োগ কৰিবলৈ প্ৰৱল নহ’লেও আমি এছ বি আইক জাননীত ৰাখিছো যে এই আদালতে এই আদেশত উল্লেখ কৰা সময়সীমাৰ নিৰ্দেশনা মানি নচলে ইচ্ছাকৃতভাৱে অবাধ্যতাৰ বাবে ইয়াৰ বিৰুদ্ধে আগবাঢ়ি যাবলৈ প্ৰৱল হ’ব পাৰে।

Category
Profile picture for user UB Photos