মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব পৰা কেইটামান উপায়........

depression

 

বৰ্তমান সময়ত মানুহৰ ব্যস্ততা বৃদ্ধি পোৱাৰ ফলত মানসিক চাপো বৃদ্ধি পাইছে। মানসিক চাপৰ পৰা হাত সাৰিবলৈ খাদ্যৰ লগতে শৰীৰ চর্চা অত্যন্ত প্রয়োজন। কিছুমান খাদ্য নিয়মীয়াকৈ খালে মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি।

গতিকে, মানসিক চাপৰ পৰা মুক্ত হ'বলৈ এইখিনি কৰক -

নহৰু : বিভিন্ন গবেষণাই প্রমাণ কৰিছে যে নহৰুত থকা উপাদানসমূহে উদ্বেগ আৰু অৱসাদৰ পৰা মনক আঁতৰাই ৰাখে।

ব্রকলি : ব্রকলিত ছালফ'ৰাফেন নামৰ এবিধ উপাদান থাকে। ফলত ব্রকলি খালে মন শান্ত হৈ থাকে আৰু অৱসাদ কমে।

মিঠা আলু: মানসিক চাপৰ এটা প্রধান কাৰণ হৈছে কোর্টিছোল হৰমনৰ ক্ষৰণ। মিঠা আলু বা ৰঙা আলুয়ে এইবিধ হৰমনৰ ক্ষৰণ কমায়। ফলত মন ভালে থাকে।

কণী: কণীত বিভিন্ন পুষ্টিকৰ উপাদান থাকে। তদুপৰি কণীত ক'লাইন নামৰ এবিধ উপাদান থাকে, যিবিধ উপাদানে মস্তিষ্ক শীতল কৰি ৰাখে। ফলত মন ভালে থাকে।

সামুদ্রিক মাছ: ছালমন বা এনে জাতীয় সামুদ্রিক মাছত, প্ৰচুৰ পৰিমাণে ওমেগা-৩ আৰু ভিটামিন 'বি' থাকে। ফলত এনে মাছ খালে মানসিক চাপ কমে।

কাবুলী বুট: কাবুলী বুট অকল সোৱাদযুক্তই নহয়, ই মস্তিষ্কৰ বাবে সাংঘাতিক উপকাৰী। ইয়াত থকা এল-ট্রিপটোফান নামৰ উপাদানবিধে মন ভালে ৰখাত সহায় কৰে। 

ব্লু বেৰী: প্রতিদিনে যদি কেইটামান ব্লু বেৰী খাব পাৰে, তেন্তে মন প্রফুল্ল হৈ থাকে। ইয়াত থকা ফ্লেভান'য়েড নামৰ এন্টিঅক্সিডেন্টে কম সময়ৰ ভিতৰতে মানসিক অবসাদ বা চাপ আঁতৰায়।

Category