আপুনি আপোনাৰ আধাৰ কাৰ্ডখনত এই ২টা কাম কৰক, নহ'লে বিপদত পৰিব পাৰে?........

adhar

বৰ্তমান সময়ত সকলো ভাৰতীয় নাগৰিকৰে আধাৰ কাৰ্ড থকাটো গুৰুত্বপূৰ্ণ। সেয়েহে আমাৰ সকলোৰে লগত আধাৰ কাৰ্ডখন আছে। কিন্তু আপুনি জানেনে যে এই আধাৰ কাৰ্ড খনে আপোনাক বা মোক বিপদত পেলাব পাৰে।

হয়তো, আপুনি বা মই গম নোপোৱা কৈয়ে আমাৰ আধাৰ কাৰ্ডখন এনে কিছু কামত ব্যৱহাৰ হৈ আছে, যিয়ে আমাক ভৱিষ্যতে বিপদত পেলাব পাৰে। 

গতিকে আজি জানো আহক আপুনি আপোনাৰ আধাৰ কাৰ্ডখনো কি কি কামত ব্যৱহাৰ হৈ আছে সেইটো কেনেকৈ চেক কৰিব?

পুনপ্ৰথমে আপুনি যাব লাগিব  my adhar ৱেবচাইডটোত, তাৰ পিছত যাব লাগিব adhar Services, তাৰ পিছত  Authentication History যাওঁক আৰু তাত গৈ আপোনাৰ আধাৰ কাৰ্ড খনত থকা ১২ টা নম্বৰ enter কৰক, তাৰ পিছত যি  OTP আহিব তাক   enter কৰক আৰু বিগত কিছু দিনত আপোনাৰ আধাৰ কাৰ্ডখন কি কি কামত ব্যৱহাৰ কৰা হৈছিল সকলো তথ্য উলিয়াই লওঁক।

তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ কথাৰ প্ৰতি লক্ষ্য কৰা উচিত যে, আপোনাৰ আধাৰ কাৰ্ডখনৰ দ্বাৰা কেইটা ফোন নম্বৰ লোৱা হৈছে। ইয়াৰ বাবে সহজ উপায়টো হৈছে যে, প্ৰথমে আপুনি যাওঁক Tafcop ত , তাত আপুনি আপোনাৰ মোবাইল নম্বৰটো enter কৰক, তাৰ পিছত যি  OTP আহিব তাক   enter কৰক, তাৰ পিছত আপুনি দেখা পাব যে আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি কেইটা নম্বৰ লোৱা হৈছে। যদি কোনো নম্বৰ আপোনাৰ নহয়, সেই নম্বৰটো আপুনি তাৰ পৰা Report কৰিব পাৰিব।

Category
Profile picture for user UB Photos